নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজে প্ৰস্তুত কৰা ‘ক’ৰোনা ঔষধ’ খাই মৃত্যু হ’ল ফাৰ্মাচিষ্টৰ 

নিয়মীয়া বাৰ্তা, ৯ মে’ : ক’ৰোনাৰ ঔষধ খোৱাৰ পাচতেই মৃত্যুক সাৱটি ল’লে এই ঔষধৰ আৱিষ্কাৰক এগৰাকী ফাৰ্মাচিষ্টে । ঘটনাটো হৈছে চেন্নাইৰ । চেন্নাই চহৰৰ আয়ুৰ্বেদিক কোম্পানী সুজাতা বায়’টেকৰ ফাৰ্মাচিষ্ট আৰু মেনেজাৰ ৰূপে কৰ্মৰত কে শ্ৰীবানেচন নামৰ এগৰাকী ৪৭ বছৰীয়া লোকৰ মৃত্যু ঘটে । পূৰ্বে একাধিক ঔষধ তৈয়াৰ কৰা শ্ৰীবানেচনে তৈয়াৰ কৰা ক’ৰোনা প্ৰতিৰোধ ঔষধ খোৱাৰ পাচতেই সাৱটি ল’বলগীয়া হয় মৃত্যুক ।

কোম্পানীৰ উত্তৰাখণ্ডৰ কাৰাখানাত কৰ্মৰত শ্ৰীবানেচন লকডাউনৰ ফলত আবদ্ধ হৈ পৰিছিল চেন্নাইত । বৃহস্পতিবাৰে তেওঁ এটা পাউদাৰ কাৰখানালৈ আনে আৰু ক’ৰোনা প্ৰতিৰোধ কৰিবলৈ নিজেই তৈয়াৰ কৰে এই বিশেষ পাউদাৰ সক্ষম বুলি উল্লেখ কৰে ।

এই বিশেষ পাউদাৰৰ সামান্য অংশ পৰীক্ষা কৰা হয় কোম্পানীৰ ৬৭ বছৰীয়া স্বত্বাধিকাৰীৰ ওপৰত । পাউদাৰ খোৱাৰ পাচতেই অজ্ঞান হৈ পৰে স্বত্বাধিকাৰীগৰাকী । তাৰ পাচতেই শ্ৰীবানেচনে পাউদাৰৰ কিছু অংশ লৈ পানীত মিহলাই খোৱাৰ পাচতেই মৃত্যু ঘটে তেওঁৰ । কোম্পানীৰ স্বত্বাধিকাৰীৰ কোনো ক্ষতি নহ’লেও কিন্তু ইয়াৰ ফলত মৃত্যু ঘটিল এইগৰাকী ফাৰ্মাচিষ্টৰ ।

You might also like