নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি আদালতত বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায়

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ আজি চি বি আইৰ এখন বিশেষ আদালতে ১৯৯২ চনত বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায়দান কৰিব৷ লক্ষ্ণৌস্থিত চি বি আই আদালতখনে দুসপ্তাহ পূর্বে এই গোচৰটোৰ ৰায়দানৰ তাৰিখ নির্ধাৰণ কৰিছিল ৩০ ছেপ্ঢেম্বৰ৷

স্মর্তব্য যে ১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাস্থিত বাবৰি মছজিদ ধ্বংসৰ ঘটনাৰ পিছতে দেশজুৰি সৃষ্টি হোৱা সাম্প্রদায়িক সংঘর্ষত দুই সহস্রাধিক লোকে প্রাণ হেৰুৱাইছিল৷ এই গোচৰটোত সাঙোৰ খাই আছে বিজেপিৰ বর্ষীয়ান নেতা লালকৃষ্ণ আদৱানি, মুৰলী মনোহৰ যোশী, উমা ভাৰতী, কল্যাণ সিং প্রমুখ্যে কেইবাগৰাকীও ৰাজনীতিকৰ নাম৷ গতিকে চি বি আইৰ আদালতখনে কালি এই পুৰণি গোচৰটোৰ কি ৰায়দান কৰে তাক লৈ দেশবাসীৰ নজৰ নিবদ্ধ হৈ আছে৷

ইফালে, ৰায়দানৰ পূর্বে বিজেপিৰ জ্যেষ্ঠ নেত্রী উমা ভাৰতীয়ে উল্লেখ কৰিছে যে গোচৰটোত দোষী সাব্যস্ত হ’লে ভাৰতীয়ে আদালতত জামিনৰ বাবে আবেদন জনোৱাতকৈ তেওঁক ফাঁচি দিয়াটোহে বিচাৰিব৷ এই সন্দর্ভত বিজেপিৰ সভাপতি জেপি নাড্ডালৈ ২৬ ছেপ্ঢেম্বৰত লিখা এক পত্রত এই কথা উল্লেখ কৰিছে ভাৰতীয়ে৷

You might also like