নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচীকাঠত ওলমালেও মই আশীর্বাদ হিচাপে মানি ল’ম

বাবৰি মছজিদ গোচৰৰ ৰায়ক লৈ চিন্তিত নহয় উমা ভাৰতী

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ বাবৰি মছজিদ ধ্বংস গোচৰৰ ৰায়ক লৈ অকণো চিন্তিত নহয় বিজেপিৰ প্রবীণ নেত্রী তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী উমা ভাৰতী৷ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ৰ পিছত অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ ভূমি পূজন অহা ৫ আগষ্টত সম্পন্ন হ’বলৈ গৈ থকাৰ সময়তে আজি প্রবীণ নেত্রী উমা ভাৰতীয়ে ৰাম মন্দিৰ নির্মাণক লৈ সন্তুষ্টি ব্যক্তি কৰি বাবৰি মছজিদ গোচৰৰ ৰায়ক লৈ অকণো চিন্তিত নহয় বুলি মন্তব্য কৰে৷ চিবিআই বিশেষ আদালতত বাবৰি মছজিদ গোচৰ সন্দর্ভত হাজিৰ হোৱাৰ পিছত উমা ভাৰতীয়ে কয় যে আদালতে মোক ভাষ্য দিবলৈ মাতিছিল, যিটো সত্য তাক মই আদালতত কৈছোঁ, এইটো মোৰ বাবে গুৰুত্বপূর্ণ নহয় যে আদালতে কি ৰায় দিয়ে৷ যদি মোক ফাঁচীকাঠত ওলমায়, তাক মই আশীর্বাদ হিচাপে মানিম৷ য’ত মই জন্ম পাইছোঁ, তাক লৈ অত্যন্ত সুখী৷ উল্লেখ্য যে ৩১ আগষ্টৰ পূর্বে এই বহুচর্চিত গোচৰটোৰ শুনানি সম্পূর্ণ কৰি ৰায় দিবলৈ উচ্চতম ন্যায়ালয়ে চিবিআইৰ বিশেষ আদালতক সময়সীমা বান্ধি দিছে৷ এই গোচৰত বিজেপিৰ বর্ষীয়ান নেতা এল কে আদৱানি, মুৰুলী মনোহৰ যোশীৰ ভাষ্যও চিবিআইৰ বিশেষ আদালতে লিপিবদ্ধ কৰিছে৷ প্রবীণ নেত্রী উমা ভাৰতীয়ে এন চি পিৰ নেতা শাৰদ পাৱাৰে অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ ভূমি পূজন অনুষ্ঠানক সমালোচনা কৰা সন্দর্ভতো নেতাগৰাকীক কটাক্ষ কৰে৷

You might also like