নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ লুণ্ঠনকাৰীয়ে শ্রমিক ৰে’লতো দেখে লাভৰ অংক

কংগ্রেছ নেতা ৰাহুল গান্ধীক উভতি ধৰিলে ৰে’লমন্ত্রী পীয়ূষ গোৱেলে

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ লকডাউনৰ সময়ত প্রব্রজিত শ্রমিকক নিজ গৃহলৈ ওভতাই পঠিওৱা শ্রমিক ৰে’লত কেন্দ্রীয় চৰকাৰ লাভৱান্বিত হৈছে বুলি কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে কৰা মন্তব্যত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে কেন্দ্রীয় ৰে’লমন্ত্রী পীয়ূষ গোৱেলে৷ কংগ্রেছ নেতাগৰাকীক উভতি ধৰি ৰে’লমন্ত্রী গোৱেলে কয় যে দেশৰ লুণ্ঠনকাৰীয়ে শ্রমিক ৰে’লত তথা ৰাজসাহায্যতো লাভ দেখে৷ উল্লেখ্য যে ৰাহুল গান্ধীয়ে টুইটযোগে ক’ৰোনা ভাইৰাছ লকডাউনৰ সময়ত সমস্যাত জর্জৰিত লোকসকলক সহায়ৰ সময়তো লাভ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ বিশেষকৈ শ্রমিক ৰে’লত মন্ত্রালয় লাভৱান্বিত হৈছে বুলি সমালোচনা কৰে৷ এই সমালোচনাৰ প্রত্যুত্তৰ দি কেন্দ্রীয় ৰে’লমন্ত্রী গোৱেলে কয় যে যিসকলে দেশক লুণ্ঠন কৰে, সেইসকলে ৰাজসাহায্যতো লাভৰ কথা চিন্তা কৰে৷ ৰাজ্য চৰকাৰে প্রদান কৰা ৰাজহৰ তুলনাত শ্রমিক ৰে’লত ৰে’ল মন্ত্রালয়ে অধিক ব্যয় কৰিছে৷ জনতাই এতিয়া সুধি আছে ৰে’লৰ টিকটৰ ধন দিম বুলি কোৱা ছোনিয়া গান্ধীয়ে কি কৰি আছে৷ লক্ষণীয় যে শ্রমিক ৰে’লত ৪২৯ কোটি টকা ৰাজহ লাভ কৰাৰ বিপৰীতে মন্ত্রালয়ে ব্যয় কৰিছে ২১৪২ কোটি টকা৷

You might also like