নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি ভাৰত বন্ধৰ মিশ্রিত প্রভাৱ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ জি এছ টি ব্যৱস্থাৰ পুনৰীক্ষণ আৰু ইন্ধনৰ দামবৃদ্ধিক লৈ কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ছে আহ্বান জনোৱা দিনজোৰা ভাৰত বন্ধৰ দেশজুৰি মিশ্রিত প্রভাৱ পৰে৷ দেশৰ ৰাজধানী দিল্লীৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত ট্রেডার্ছে আহ্বান জনোৱা বন্ধৰ সময়ত কিছু কিছু ব্যৱসায়িক প্রতিষ্ঠান বন্ধ থাকে যদিও অধিকাংশ দোকান–পোহাৰ খোলা থাকে৷ ওড়িশা, মধ্যপ্রদেশ, পঞ্জাব, হাৰিয়ানাকে ধৰি বিভিন্ন ৰাজ্যত এই বন্ধৰ প্রভাৱ সামান্যভাৱে পৰে৷

চি এ আই টিয়ে এই বন্ধত ৪০ হাজাৰতকৈ অধিক ব্যৱসায়িক সংগঠনে সমর্থন জনোৱা বুলি প্রকাশ কৰিছে যদিও কার্যতঃ বন্ধৰ সময়ছোৱাত তেনে প্রভাৱ প্রতিফলিত নহ’ল৷ ভাৰত বন্ধৰ প্রভাৱ মিশ্রিত হ’লেও ট্রেডার্ছৰ কর্মীসকলে দেশৰ ডেৰ হাজাৰতকৈ অধিক স্থানত জি এছ টি ব্যৱস্থা পুনৰীক্ষণৰ দাবীত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ আনহাতে, অল ইণ্ডিয়া ট্রেন্সপ’টার্ছ এছ’চিয়েচনে ভাৰত বন্ধৰ প্রতি সমর্থন জনায়৷

কালি চকাবন্ধ ঘোষণা কৰিছিল যদিও দেশজুৰি এই চকাবন্ধৰ প্রভাৱ বিশেষভাৱে পৰা পৰিলক্ষিত নহ’ল৷ ইন্ধনৰ দামবৃদ্ধি আৰু ই–ৱে বিল প্রত্যাহাৰৰ দাবীত অল ইণ্ডিয়া ট্রেন্সপ’টার্ছ এছ’চিয়েচনে দেশজুৰি চকাবন্ধ আৰু পথ অৱৰোধ কার্যসূচী ঘোষণা কৰিছিল৷ কিন্তু দেশজুৰি পথবন্ধৰ প্রভাৱ মিশ্রিত ৰূপত দেখা যায়৷ উল্লেখ্য যে বন্ধৰ কার্যসূচীক লৈ ব্যৱসায়ী সন্থাৰ মাজত মতভেদ হোৱা বাবে বন্ধৰ কার্যসূচী সর্বাত্মকভাৱে সফল নহ’ল৷

You might also like