কর্মচাৰীৰ ধর্মঘটত দুদিন ধৰি বেংক সেৱা স্তব্ধঃ গ্রাহকৰ হাহাকাৰ
নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণৰ বিৰোধিতাৰে বেংক ইউনিয়নসমূহে ৰূপায়ণ কৰা ধর্মঘটৰ বাবে আজি দ্বিতীয় দিনাও দেশৰ বেংক সেৱা ব্যাহত হৈ পৰে৷ দেশৰ বেংক ইউনিয়নসমূহৰ সন্মিলিত মঞ্চ ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়ন (ইউএফবিইউ)–এ আহ্বান জনোৱা দুদিনীয়া বেংক ধর্মঘটৰ ফলত দেশজুৰি ৰাজহুৱা খণ্ডৰ বেংকসমূহ স্তব্ধ হৈ পৰে৷ দেশৰ ১০ লক্ষাধিক বেংক কর্মচাৰী–বিষয়াই এই ধর্মঘটত অংশগ্রহণ কৰাত সাধাৰণ গ্রাহকৰ মাজত হাহাকাৰ লাগে৷ বেংকৰ সৈতে ধনৰ লেনদেন, চেক লেনদেনকে ধৰি অন্যান্য সেৱাৰ লগতে চৰকাৰী লেনদেনসমূহতো প্রভাৱ পৰে৷ দুদিনীয়া ধর্মঘটত দেশৰ সকলো ৰাজহুৱা খণ্ডৰ বেংকৰ কর্মচাৰীয়ে অংশগ্রহণ কৰি ধর্মঘট সফল কৰি তোলাৰ পিছতে ইউএফবিইউৱে তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীৰে কৃষক সংগঠনসমূহে চলাই থকা আন্দোলনৰ লেখীয়াই বেংক ইউনিয়নেও একেই পদক্ষেপ গ্রহণ কৰিব বুলি চৰকাৰক হুংকাৰ দিছে৷
ইউএফবিইউৱে আহ্বান জনোৱা ১৫ আৰু ১৬ মার্চত ধর্মঘটত অংশগ্রহণ কৰে সন্মিলিত মঞ্চৰ সদস্য সংগঠন ‘অল ইণ্ডিয়া বেংক এমপ্ল’য়িজ এছ’চিয়েচন (এআইবিইএ), অল ইণ্ডিয়া বেংক অফিচার্ছ কনফেডাৰেচন (এআইবি’চি), নেচনেল কনফেডাৰেচন অৱ বেংক এমপ্ল’য়িজ (এনচিবিই), অল ইণ্ডিয়া বেংক অফিচার্ছ এছ’চিয়েচন (এআইবি’এ), বেংক এমপ্ল’য়িজ কনফেডাৰেচন অৱ ইণ্ডিয়া (বিইএফআই)কে ধৰি আন ইউনিয়ন ইণ্ডিয়ান নেচনেল বেংক এমপ্ল’য়িজ ফেডাৰেচন (আইএনবিইএফ), ইণ্ডিয়ান বেংক অফিচার্ছ কংগ্রেছ (আইএনবি’চি), নেচনেল অর্গেনাইজেচন অৱ বেংক ৱর্কার্ছ (এন’বিডব্লিউ) আৰু নেচনেল অর্গেনাইজেচন অৱ বেংক অফিচার্ছ (এন’বি’)৷ উল্লেখ্য যে ২০২১–২২ বাজেটত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে দুটা বেংকক ব্যক্তিগতকৰণ কৰাৰ ঘোষণা কৰিছিল৷ আইডিবিআইক ব্যক্তিগতকৰণৰ লগতে বিগত চাৰি বছৰত ১৪টা ৰাজহুৱা খণ্ডৰ বেংকক একত্রীকৰণ কৰিছে চৰকাৰে৷
কর্মচাৰীৰ স্বার্থক প্রাধান্য দি দৰমহা–পেন্সন সুৰক্ষিত ৰখা হ’বঃ বিত্তমন্ত্রী নির্মলা সীতাৰমণ
বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে বেংক কর্মচাৰীয়ে দুদিনীয়া ধর্মঘটেৰে দেশজুৰি বেংক সেৱা অচল কৰি থকাৰ সময়তেই বেংক ব্যক্তিগতকৰণক লৈ প্রতিক্রিয়া ব্যক্ত কৰিছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ বেংক ব্যক্তিগকৰণৰ সিদ্ধান্তক সমর্থন জনাই বিত্তমন্ত্রী সীতাৰমণে কয় যে বেংক ব্যক্তিগতকৰণৰ পিছতো চৰকাৰে কর্মচাৰীৰ স্বার্থক সুৰক্ষিত কৰি ৰাখিব৷ এই কোৱাটো উচিত নহয় যে প্রতিটো চৰকাৰী বেংককেই বিক্রী কৰা হ’ব৷ দশক দশক ধৰি সেৱা আগবঢ়োৱা কর্মচাৰীসকলৰ দৰমহা, পেন্সন আদিক চৰকাৰে সুৰক্ষিত কৰি ৰাখিব৷
ব্যক্তিগতকৰণৰ বিৰুদ্ধে বেংক কর্মচাৰীৰ অসমতো দুদিনীয়া ধর্মঘট
১৫ আৰু ১৬ মার্চত ৰাজহুৱা খণ্ডৰ বেংক কর্মচাৰী আৰু বিষয়াসকলে সমগ্র ভাৰতবর্ষৰ লগতে অসমতো তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ সমগ্র ভাৰতবর্ষৰ প্রায় ১০ লাখ বেংক কর্মচাৰীৰ এই আন্দোলনৰ মূল দাবী হ’ল ৰাজহুৱা খণ্ডৰ বেংকসমূহক চৰকাৰী হঠকাৰী সিদ্ধান্ত অর্থাৎ বেংক ব্যক্তিগতকৰণৰ নীতিৰ পৰা ৰক্ষা কৰা৷ বেংকিং খণ্ডকে ধৰি ৰাজহুৱা খণ্ডবোৰৰ ব্যক্তিগতকৰণ প্রক্রিয়াৰ ফলত শ্রমিক–কর্মচাৰীসক্ চাকৰি নিৰাপত্তাহীনতাৰ লগতে সাধাৰণ শ্রেণীৰ মানুহক কষ্টোপার্জিত ধনৰ নিৰাপত্তা নোহোৱা হ’ব৷ সাধাৰণ মানুহৰ মাজলৈ ব্যক্তিগতকৰণৰ কুফলসমূহ প্রচাৰ কৰাৰ বাবে আন্দোলনকাৰী বেংক–কর্মচাৰী আৰু বিষয়াসকলে প্রচাৰ পত্রিকা বিতৰণৰ যোগেদি প্রচাৰ অভিযান চলায় তথা সাধাৰণ লোক আৰু ক্ষুদ্র ব্যৱসায়ী আৰু অন্যান্য শ্রমজীৱী মানুহৰ অভূতপূর্ব সঁহাৰি লাভ কৰে৷ বেংক কর্মচাৰী আৰু বিষয়াৰ এই ধর্মঘটলৈ আন আন কেন্দ্রীয় ট্রেড ইউনিয়ন যেনে চিটু, আইটিইউচি, আই এন চি ইউ চি ইত্যাদি সংগঠনে পূর্ণ সমর্থন আগবঢ়ায় আৰু ধর্মঘটৰ সমর্থনত বিক্ষোভ প্রদর্শন কৰে৷ উল্লেখ্য যে বেংক ধর্মঘটৰ ফলস্বৰূপে সমগ্র অসমত শদিয়াৰ পৰা ধুবৰীলৈকে বেংকৰ কাম–কাজ সম্পূর্ণ স্তব্ধ হৈ পৰে৷