নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাপ্পী লাহিড়ীৰ সোণৰ আ-অলংকাৰবোৰ কি কৰিব পৰিয়ালে, পুত্ৰই ক’লে…

বিশেষ বাৰ্তা, ২৪ মাৰ্চঃ বলীউডৰ জনপ্ৰিয় সংগীত শিল্পী বাপ্পী লাহিড়ীৰ নাম উচ্চাৰণ হোৱা মাত্ৰকে এগাল সোণৰ অলংকাৰেৰে মেৰ খাই থকা মুখখনেই চকুৰ আগত ভাঁহে। ‘বাপ্পী দা’ৰ যোৱা ১৫ ফেব্ৰুৱাৰীত মুম্বাইৰ এখন হাস্পাতালত মৃত্যু হৈছে। এইগৰাকী গায়কৰ সোণৰ প্ৰতি দূৰ্বলতা সকলোৰে জ্ঞাত। মৃত্যুৰ পাছত বাপ্পী দাৰ সোণৰ আ-অলংকাৰ আৰু সম্পদবোৰ কি কৰিব পৰিয়ালে, তাকে লৈ অনুৰাগীৰ মনত নিশ্চয় প্ৰশ্ন উঠে। শেহতীয়া এক সাক্ষাৎকাৰত বাপ্পী লাহিড়ীৰ পুত্ৰ বাপ্পা লাহিড়ীয়ে কৈছে যে সেই সোণৰ আ-অলংকাৰ আৰু বস্তুবোৰ দেউতাকৰ মাত্ৰ ফেশ্বনৰ সামগ্ৰীয়ে নাছিল। তাৰ সৈতে জড়িত হৈ আছিল তেখেতৰ আবেগ-অনুভূতি। ভেটিকানৰ পৰা আৰম্ভ কৰি হলীউডলৈ য’ত যি পাইছিল সোণৰ সকলো বস্তু মাত্ৰ গোটাই গৈছিল। কাৰণ সেইবোৰক তেখেতে সৌভাগ্যৰ বস্তু বুলি মানিছিল। পুৱা ৫বজাতো ক’ৰবালৈ যাবলগীয়া হ’লে সেইসকলোবোৰ পিন্ধিহে ওলাইছিল দেউতাকে। আধ্যাত্মিকতাৰ লগতো জড়িত আছিল বস্তুবোৰ। গতিকে পিতৃৰ প্ৰিয় এই সকলোবোৰ সোণৰ সম্পদ সাঁচি ৰাখিব বুলি জনাইছে পুত্ৰ বাপ্পাই। সেইবোৰ পাৰিলে সংগ্ৰাহলয়ত ৰখাৰ ব্যৱস্থা কৰিব যাতে মানুহে সেইবোৰ চাব পাৰে।

You might also like