🔹 পদ্মশ্রী সন্মানপ্রাপক কার্তিক মহাৰাজৰ বিৰুদ্ধে অভিযোগ মহিলাৰ
নিউজ ডেস্ক, ২৯ জুন : কলকাতাত আইন মহাবিদ্যালয়ৰ ছাত্রীক দলবদ্ধ ধ*র্ষণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে পদ্মশ্রী সন্মানপ্রাপক পুৰোহিত কার্তিক মহাৰাজৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বংগৰ এগৰাকী মহিলাই৷ ভাৰত সেৱাশ্রম সংঘৰ পুৰোহিত কার্তিক মহাৰাজে এখন বিদ্যালয়ত চাকৰি দিয়াৰ প্রলোভনেৰে মহিলাগৰাকীক ছমাহত ১২বাৰ ধ*র্ষণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে৷
মুর্ছিদাবাদৰ এখন আশ্রমলৈ মাতি নি মহিলাগৰাকীক ২০১৩ চনত পুৰোহিতজনে ধ*র্ষণ কৰিছিল৷ আশ্রম চৌহদৰ বিদ্যালয়ত পাঠদান কৰোৱাৰ বাবে চাকৰি দিয়াৰ প্রলোভনেৰে পুৰোহিতজনে মহিলাগৰাকীক ধ*র্ষণ কৰাৰ সুযোগ লৈছিল৷ অৱশ্যে পুৰোহিতজনে মহিলাগৰাকীৰ এই অভিযোগ খণ্ডন কৰিছে৷
বিগত বছৰকেইটাত মহিলাগৰাকীয়ে ভয় আৰু অসহায় বোধ কৰি এই ঘটনাটো গোপন কৰি ৰাখিছিল৷ আনকি মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত এই ঘটনা অৱগত কৰিলে আত্মহত্যা কৰাৰ ভাবুকিও দিছিল বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে৷ আৰক্ষীয়ে ইতিমধ্যে পুৰোহিত মহাৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ বিৱৰণী মতে, আশ্রমৰ কোঠাত মহিলাগৰাকী থকা অৱস্থাত পুৰোহিতজনে প্রৱেশ কৰি ধ*র্ষণ কৰিছিল৷ ২০১৩ চনৰ জানুৱাৰীৰ পৰা জুন মাহলৈকে পুৰোহিতজনে মহিলাগৰাকীক ১২বাৰ ধ*র্ষণ কৰিছিল৷