নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ আম আদমী পাৰ্টিৰ নেতা ভগৱন্ত মানে আজি পঞ্জাৱৰ ১৭ তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে স্বাধীনতা সংগ্ৰামী ভগত সিঙৰ জন্মভূমি খাটকাৰ কলনত আয়োজিত এক অনুষ্ঠানত ভগৱন্ত মানক শপত গ্ৰহণ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত আম আদমী পাৰ্টিৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ উপৰিও দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু পঞ্জাৱৰ সহ-ভাৰপ্ৰাপ্ত ৰাঘৱ চাধাও উপস্থিত আছিল।
উল্লেখ্য যে চলিত পঞ্জাৱ বিধানসভা নিৰ্বাচনত, আম আদমী পাৰ্টীয়ে বৃহৎ বিজয় লাভ কৰি দুই-তৃতীয়াংশ সংখ্যা গৰিষ্ঠতা লাভ কৰে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ফলাফল অনুসৰি, আম আদমী পাৰ্টীয়ে পঞ্জাৱৰ ১১৭ খন আসনৰ ভিতৰত ৯২ খন আসন লাভ কৰিছিল। আনহাতে কংগ্ৰেছে মাত্ৰ ১৮ খন আসনত হে জয়ী হৈছিল। ইয়াৰোপৰি শিৰোমণি অকালি দলে (এছএডি) ৩ খন আৰু বিজেপিয়ে ২খন আসন লাভ কৰিছিল।
Bhagwant Mann sworn-in as the Chief Minister of Punjab, in Khatkar Kalan. pic.twitter.com/mrRVRNX9ab
— ANI (@ANI) March 16, 2022