নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপালৰ গেছ ট্ৰেজেডী : চাৰি দশক পিছত নষ্ট কৰা হ’ল বিষাক্ত আৱর্জনা

🔹 ভয়াৱহ দুৰ্ঘটনাত মৃত্যু হৈছিল ৪ সহস্রাধিকৰ

নিউজ ডেস্ক, ৩ জানুৱাৰী : চাৰিটা দশক অতিক্রম কৰিলে৷ ইমান দিনলৈকে ভয়াৱহ গেছ দুর্ঘটনাৰ দুঃসহ স্মৃতি সজীৱ হৈ আছিল ভূপালৰ বুকুত৷ চাৰি দশক পিছত সেই শাপৰ পৰা মুক্তি লাভ কৰিছে ভূপালবাসীয়ে৷ ভূপালৰ পৰা সম্পূর্ণৰূপে আঁতৰ কৰা হৈছে গেছ দুর্ঘটনাৰ বিষাক্ত আৱর্জনা৷ ৪০ বছৰ পূর্বে ১৯৮৪ চনৰ ২ ডিচেম্বৰৰ নিশা হঠাতে বিষাক্ত গেছ নিগৰি পৰে ৰাসায়নিক কাৰখানাৰ পৰা৷ মিথাইল আইছোছায়েনেট গেছ নিগৰি পৰাৰ পিছতেই মৃত্যুমিছিল আৰম্ভ হয় অঞ্চলটোত৷ হিংস্র জন্তুৰ দৰে এফালৰ পৰা অঞ্চলটোৰ বাসিন্দাসকলক মৃত্যুগহ্বৰলৈ ঠেলি দিয়ে এই বিষাক্ত গেছে৷ সেই সময়তে চৰকাৰী সূত্রই সদৰী কৰা অনুসৰি গেছ দুর্ঘটনাত মৃত্যু হৈছিল প্রায় ৪ হাজাৰ লোকৰ৷ কিন্তু বেচৰকাৰী তথ্য মতে, এই সংখ্যা যথেষ্ট বেছি৷ বেচৰকাৰী এক হিচাপ অনুসৰি ভূপালৰ গেছ দুর্ঘটনাত প্রাণ হেৰুৱাইছিল ২৫ হাজাৰ লোকে৷ কিন্তু ইয়াতেই শেষ হোৱা নাছিল ভয়াৱহতা৷ সর্বকালৰ আটাইতকৈ ভয়াৱহ কাৰখানা বিপর্যয়ত ইয়াৰ পৰৱর্তী কেইবাটাও দশকলৈ বিষক্রিয়াত আক্রান্ত হয় অসংখ্য লোক৷ ইউনিয়ন কার্বাইডৰ পৰিত্যক্ত সেই কাৰখানাত দীর্ঘদিন ধৰি পৰি আছিল ৩৩৭ টন ৰাসায়নিক আৱর্জনা৷ শেহতীয়াকৈ সেই আৱর্জনা অঞ্চলটোৰ পৰা আঁতৰ কৰি জ্বলাই পেলোৱা হৈছে৷

You might also like