নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ ৩ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত বৃহৎ বিজয় সাব্যস্ত কৰা ডেম’ক্রেটিক নেতা জ’ বাইডেনে হোৱাইট হাউছৰ শীর্ষ পদবীৰ দায়িত্ব গ্রহণ কৰাৰ ১০০ দিনৰ ভিতৰতে ১০০ নিযুত লোকক ক’ভিড ভেকচিন প্রদান কৰাৰ সংকল্প গ্রহণ কৰিছে৷ ফাইজাৰ আৰু বায়’এনটেকে যৌথভাৱে প্রস্তুত কৰা ক’ভিড ভেকচিন কালি ব্রিটেইনত আনুষ্ঠানিকভাৱে মানুহক প্রদান কৰাৰ পিছতে বাইডেনে ঘোষণা কৰিছে প্রতিজন আমেৰিকানে এই ভেকচিন লাভ কৰিব৷ অর্থাৎ ক’ৰোনাৰ টিকাকৰণৰ পৰা কোনো এজনো আমেৰিকান নাগৰিকক বাদ দিয়া নহ’ব বুলি ঘোষণা কৰিছে ডেম’ক্রেটিক নেতাগৰাকীয়ে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত বাইডেনে উল্লেখ কৰিছে যে তেওঁ ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰা কেইবামাহো পিছলৈ ক’ভিড সংকট অব্যাহত থাকিব আমেৰিকাত৷ কিন্তু ভেকচিন প্রদান প্রক্রিয়াৰ জৰিয়তে ক’ভিড পৰিস্থিতি আমেৰিকাত সলনি কৰি দিয়া হ’ব বুলি উল্লেখ কৰিছে নেতাগৰাকীয়ে৷ ইতিমধ্যে ২০ জানুৱাৰীত দায়িত্ব গ্রহণৰ বাবে নিজৰ কেবিনেট সদস্যসকলক বাছনি কৰিবলৈ লৈছে বাইডেনে৷ কালি নেতাগৰাকীয়ে তেওঁৰ স্বাস্থ্য বিষয়ববীয়াৰ দল বাছনি কৰিছে৷ এই দল বাছনিৰ সময়তে বাইডেনে আমেৰিকাবাসীৰ বাবে মাস্ক পৰিধান ১০০ দিনলৈ বাধ্যতামূলক কৰিব বুলি ঘোষণা কৰিছে৷ ইফালে, আমেৰিকাত সংক্রামক ৰোগৰ শীর্ষ বিশেষজ্ঞ ডাঃ এণ্টনী ফাইছিয়ে অহা সপ্তাহৰ পৰা দেশখনত ক’ভিড প্রতিৰোধী গণ টিকাকৰণ আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে৷
Prev Post
Next Post
You might also like