বিশেষ বাৰ্তা, ৩ জুনঃ আজি বলীউডৰ বিগ-বি অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ বিবাহ বাৰ্ষিকী। ৪৯ বছৰ একেলগে কটালে এই দম্পতীয়ে। পৰিয়ালৰ সদস্যৰ পৰা অনুৰাগী আৰু শুভাকাংক্ষীলৈকে এই দম্পতীলৈ বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা বাৰ্তা উপচি পৰিছে। কিন্তু সকলোতকৈ ভাল লগা কথাটো হ’ল অমিতাভ বচ্চনে নিজেই এটা হৃদয়স্পৰ্শী টোকা লিখিছে শুভকাংক্ষীসকলৰ বাবে। লগতে আছে তেওঁলোকৰ বিয়াৰ দিনটোৰ এখন সুন্দৰ ফটো। দৰা-কইনাক বিয়াৰ বিধিত ব্যস্ত থকা দেখা গৈছে। তাত লিখা আছে, “জয়া ঔৰ মেৰী বিবাহ জয়ন্তী পে জো স্নেহ ঔৰ আদৰ প্ৰদান কিয়া গয়া হ্যেয় উছকে লিয়ে হাথ জোৰ কৰ প্ৰণাম কৰতা হুঁ। ধন্যবাদ। সব কো উত্তৰ না দে পায়ে, ইছ লিয়ে য়াহা প্ৰতিক্ৰিয়া, প্ৰতিভাচন, স্বীকাৰ কৰে। (আমাৰ বিবাহ বাৰ্ষিকী উপলক্ষে উষ্ম শুভেচ্ছা আৰু মৰম পঠোৱাৰ বাবে সকলোলৈ ধন্যবাদ।) অমিতাভ বচ্চনৰ বিশেষ বৰ্ষপূৰ্তিৰ পোষ্টটো ছ’চিয়েল মিডিয়াত জুইৰ দৰে বিয়পি পৰিছে।