নিয়মীয়া বাৰ্তা, ২ মেঃ সমগ্ৰ দেশত চলি থকা লকডাউনৰ বাবে বহু ঠাইত আবদ্ধ হৈ আছে বহু লোক । ইয়াৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ । লকডাউনৰ বাবে দিল্লীত আবদ্ধ হৈ থকা এজন শ্ৰমিকে চাইকেলেৰে বিহাৰলৈ যাত্ৰা কৰাৰ সময়তে আধা বাটতে তেওঁৰ মৃত্যু ঘটে ।
জানিব পৰা মতে এই মৃত শ্ৰমিকজনৰ নাম আছিল ধৰ্মবীৰ । লকডাউনৰ বাবে ধৰ্মবীৰে তেওঁৰ আন কেইবাজনো বন্ধুৰ সৈতে চাইকেলেৰে ঘৰমুৱা হৈছিল । কিন্তু ১ মে’ ৰ দিনা ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে । যাৰ পাছত তেওঁক কাষৰে এখন চিকিৎসালয়লৈ নিয়া হৈছিল যদিও ডাক্তৰে তেওঁক মৃত বুলি ঘোষণা কৰে ।
আনহাতে ধৰ্মবীৰৰ মৃত্যু ক’ৰোনাৰ বাবে হৈছেনে নাই সেয়া এতিয়াও জানিব পৰা নাই যদিও তেওঁৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । লগতে তেওঁৰ সৈতে চাইকেলেৰে অহা আন লোককেইজনকো বৰ্তমান কোৱাৰেণ্টাইন কৰা হৈছে ।