নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছলমান খানক হত্যাৰ পৰিকল্পনা ফাদিল, কৃষ্ণপহু হত্যাৰ প্ৰতিশোধ

নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে ঘটনা। ফৰিদাবাদ আৰক্ষীয়ে কোনো অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰা এজন ছাৰ্প শ্বুটাৰে দিয়ে এক লোমহৰ্ষক স্বীকাৰোক্তি। ৰাহুল চাংগা নামৰ ছাৰ্প শ্বুটাৰজনে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে বলীউডৰ ষ্টাৰ ছলমান খানক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছিল।

কিন্তু লকডাউনৰ বাবে সেয়া সম্ভৱ নহ’ল। ষড়যন্ত্ৰ ৰচিছিল সম্প্ৰতি জে’লত বন্দী হৈ থকা হাৰিয়ানা, পাঞ্জাব আৰু ৰাজস্থানৰ প্ৰভাৱশালী কুখ্যাত গেংষ্টাৰ লৰেঞ্চ বিষ্ণৈই। লৰেঞ্চ বিষ্ণৈৰ গেঙৰ সদস্য ৰাহুলে ছলমান খানৰ মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহৰ ওচৰে-পাঁজৰে থাকি খানক নিৰীক্ষণ কৰি আছিল ৩ দিন ধৰি।

এই কাৰ্য কৰিছিল জানুৱাৰী মাহত, কিন্তু ক’ৰোনাৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত পৰিকল্পনা বাস্তৱায়িত কৰিব নোৱাৰিলে অপৰাধীজনে। ১৫ আগষ্টত উত্তৰাখণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা চাংগাৰ স্বীকাৰোক্তিৰ পিছতে আৰক্ষীয়ে প্ৰচাৰ মাধ্যমৰ জৰিয়তে এই কথা ব্যক্ত কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যোধপুৰৰ জে’লত বন্দী হৈ থকা লৰেঞ্চ বিষ্ণৈ বিষ্ণৈ সম্প্ৰদায়ৰ লোক আৰু ছলমান খানৰ প্ৰতি শ্ত্ৰুতা আৰম্ভ হয় খানে কৃষ্ণপহু হত্যা কৰাৰ পিছৰে পৰা। কৃষ্ণপহু হত্যাৰ প্ৰসংগত লৰেঞ্চে আগতেও ছলমান খানক হত্যাৰ ভাবুকি দিছিল।

২০১৮ চনতো লৰেঞ্চে চম্পত নেহৰা নামৰ কুখ্যাত অপৰাধী এজনক নিয়োগ কৰিছিল ছলমান খানক হত্যা কৰাৰ বাবে। কিন্তু সেইবাৰো বিফল হয় লৰেঞ্চ। ফৰিদাবাদ আৰক্ষীয়ে চাংগাৰ জবানবন্দী মুম্বাই আৰক্ষীলৈ পঠিয়াব বুলি জানিব পৰা গৈছে।

দেখা গৈছে বিষ্ণৈ সম্প্ৰদায়ে পূজা-অৰ্চনা কৰা কৃষ্ণপহু হত্যাৰ বাবে অকল কলংকই নহয় প্ৰাণনাশৰ দৰে আতংকয়ো খেদি ফুৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতাগৰাকীক।

You might also like