নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯খন ৰাজ্যৰ ১৯৫ সমষ্টিত বিজেপি প্রার্থীৰ নাম ঘোষণা

🔹 দিল্লীৰ মুখ্য কার্যালয়ত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক বিনোদ তাওড়ে

🔹 বাৰাণসীত পুনৰ প্রধানমন্ত্রী মোদী : গান্ধীনগৰৰ পৰা গৃহমন্ত্রী অমিত শ্বাহে কৰিব প্রতিদ্বন্দ্বিতা

বিশেষ বাৰ্তা, ৩ মার্চ : বিজেপি ৩৭০ আৰু এনডিএ ৪০০ পাৰ সংকল্পৰে কালি লোকসভা নির্বাচনক লৈ ১৯৫জনীয়া প্রথমখন প্রার্থী তালিকা প্রকাশ কৰিলে শাসকীয় বিজেপিয়ে৷ লোকসভা নির্বাচন ২০২৪ৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা নৌহওঁতেই তৃতীয়বাৰৰ বাবে দিল্লীৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ লক্ষ্যৰে এনডিএ চৰকাৰৰ নেতৃত্বধাৰী বিজেপিয়ে কালি সন্ধিয়া ১৯খন ৰাজ্যৰ ১৯৫টা সমষ্টিৰ প্রার্থী তালিকা ঘোষণা কৰে৷ ৰাষ্ট্রীয় ৰাজধানী দিল্লীৰ বিজেপিৰ মুখ্য কার্যালয়ত আয়োজিত সংবাদ মেলত দলটোৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক বিনোদ তাওড়েই দলটোৰ কেন্দ্রীয় নির্বাচনী কমিটীয়ে যোৱা ২৯ ফেব্রুৱাৰীৰ নিশা গ্রহণ কৰা সিদ্ধান্তমর্মে ১৯৫জন প্রার্থীৰ নাম ঘোষণা কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তৃতীয়বাৰৰ বাবে উত্তৰ প্রদেশৰ বাৰাণসী সংসদীয় সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰি ৰাষ্ট্রীয় সাধাৰণ সম্পাদকগৰাকীয়ে ১৯খন ৰাজ্যৰ বর্ণমালাভিত্তিক ৰাজ্যসহ প্রার্থীৰ নাম ঘোষণা কৰে৷ প্রার্থী তালিকা ঘোষণা কৰাৰ পূর্বে ৰাষ্ট্রীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বৰ অধীনত বিগত ১০ বছৰত ৰাজহুৱা স্বার্থজড়িত অনেক সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এইবাৰ বিজেপি ৩৭০ আৰু এনডিএ ৪০০ পাৰ সংকল্পৰে নির্বাচনত অৱতীর্ণ হ’ব৷ ১৯খন ৰাজ্যৰ ১৯৫ প্রার্থীৰ ভিতৰত ঘোষিত প্রার্থীৰ মাজত ৩৪গৰাকী কেন্দ্রীয় মন্ত্রীও আছে৷ এই প্রার্থী তালিকাত ২৮গৰাকী মহিলা, ৫০ বছৰ অনূর্ধ্ব ৪৭, নতুন প্রার্থী ৪৭, অনুসূচিত জাতিৰ ২৭, অনুসূচিত জনজাতিৰ ১৮ আৰু পিছপৰা সম্প্রদায় চমুকৈ অ’বিচিৰ ৫৭জন আছে৷ প্রথমখন তালিকাত ৩৪গৰাকী কেন্দ্রীয় মন্ত্রীয়ে স্থান লাভ কৰাৰ বিপৰীতে কেইবাজনো মন্ত্রী আৰু সাংসদক এই তালিকাৰ পৰা বাদ দিয়া হৈছে৷ তালিকাত উত্তৰ প্রদেশৰ ৫১, পশ্চিমবংগৰ ২০, মধ্যপ্রদেশৰ ২৪, গুজৰাট আৰু ৰাজস্থানৰ ১৫, কেৰালাৰ ১২, তেলেংগানাৰ ৯, অসমৰ ১১, ঝাৰখণ্ড আৰু ছত্তিশগড়ৰ ১১, দিল্লীৰ ৫, জম্মু–কাশ্মীৰৰ ২, উত্তৰাখণ্ডৰ ৩, অৰুণাচল প্রদেশৰ ২ আৰু গোৱা, ত্রিপুৰা, আন্দামান নিকোবৰ আৰু দমন আৰু ডিউৰ এজনকৈ প্রার্থীৰ নাম ঘোষণা কৰা হৈছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গুজৰাটৰ গান্ধীনগৰ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে উত্তৰ প্রদেশৰ লক্ষ্ণৌ, কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে আমেথিত প্রতিদ্বন্দ্বিতা কৰিব৷ লক্ষণীয় যে প্রাক্তন বৈদেশিক মন্ত্রী প্রয়াত সুষমা স্বৰাজৰ কন্যা বাঞ্চুৰী স্বৰাজক নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা প্রার্থিত্ব আগবঢ়োৱা হৈছে৷ ৰাজ্যসভাৰ সদস্য জ্যোতিৰাদিত্য সিন্ধিয়াক গুনা সমষ্টিৰ পৰা প্রার্থী হিচাপে প্রক্ষেপ কৰিছে৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাক ৰাজস্থানৰ কোটা সমষ্টিৰ পৰা পুনৰ প্রার্থিত্ব প্রদান কৰা হৈছে৷ তাৎপর্যপূর্ণ যে নতুনক প্রাধান্য দিয়া দলটোৱে এইবেলি কেইবাজনো জ্যেষ্ঠ সাংসদক প্রার্থিত্বৰ পৰা বঞ্চিত কৰিছে৷ দিল্লীৰ মীনাক্ষি লেখি, পাৰভেজ বার্মা, ৰমেশ বিদুৰী, হর্ষবর্ধনক টিকট প্রদান নকৰাৰ উপৰি ভূপালৰ পৰা সাদ্ধি প্রজ্ঞা ঠাকুৰক প্রার্থিত্ব প্রদান কৰা নাই৷

You might also like