নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাভেদ আখতাৰৰ বিৰুদ্ধে সৰৱ বিজেপি বিধায়ক

নিয়মীয়া বাৰ্তা ৬ ছেপ্টেম্বৰঃ বিশিষ্ট কবি–গীতিকাৰ জাভেদ আখতাৰে আৰ এছ এছ আৰু বিশ্ব হিন্দু পৰিষদ (ভিএইচপি)ক তালিবানৰ সৈতে তুলনা কৰা ঘটনাক লৈ সৃষ্টি হৈছে তীব্র বিতর্ক৷ আজি মহাৰাষ্ট্র বিধায়ক তথা বিজেপিৰ মুখপাত্র ৰাম কদমে ছ’চিয়েল মিডিয়া টুইটাৰযোগে আখতাৰে আৰ এছ এছ–ভি এইচ পিক তালিবানৰ সৈতে তুলনা কৰা এক ভিডি’ মুকলি কৰি দিছে৷ যেতিয়ালৈকে আৰ এছ এছৰ ওচৰত জাভেদ আখতাৰে ক্ষমা নিবিচাৰে তেতিয়ালৈকে গীতিকাৰগৰাকীৰ কোনো চলচ্চিত্র ভাৰতত প্রদর্শনৰ অনুমতি দিব নালাগে বুলি দাবী তুলিছে ৰাম কদমে৷ উল্লেখনীয় যে ইয়াৰ পূর্বে এনডি টিভিৰ সৈতে হোৱা মত বিনিময়ত জাভেদ আখতাৰে বিশ্বৰ সকলো কট্টৰ সোঁপন্থী গোটৰ উদ্দেশ্য একেই বুলি উল্লেখ কৰিছে৷ তালিবানৰ দৰে হিন্দু ৰাষ্ট্র দাবী কৰাসকলৰ উদ্দেশ্যেও একে বুলি উল্লেখ কৰিছিল আখতাৰে৷

You might also like