নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰে বাংলাদেশৰ আছে তেজৰ সম্পর্ক 

বিদেশ মন্ত্রী আব্দুল মোমেনৰ মন্তব্য 

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ  বাংলাদেশৰ বিদেশ মন্ত্রী ড০ এ কে আব্দুল মোমেনে শেহতীয়াকৈ মন্তব্য কৰিছে যে ভাৰত আৰু বাংলাদেশৰ মাজত আছে তেজৰ সম্পর্ক৷ ইফালে চীনৰ সৈতে বাংলাদেশৰ অর্থনৈতিক সম্পর্ক থকা বুলি উল্লেখ কৰিছে মন্ত্রীগৰাকীয়ে৷ বর্তমান চীনে বাংলাদেশত ৮ হাজাৰৰো বেছি সামগ্রী শুল্কমুক্তভাৱে প্রৱেশৰ অনুমতি দিছে যদিও ভাৰতৰ সৈতে বাংলাদেশৰ তেজৰ সম্পর্কত কেতিয়াও অৱনতি নঘটে বুলি মন্তব্য কৰিছে মন্ত্রীগৰাকীয়ে৷ শনিবাৰে পুৱাৰ ভাগতে মেহেৰপুৰ জিলাৰ মুজিব নগৰ স্মৃতি সৌধত মাল্যার্পণ কৰি সাংবাদিকৰ প্রশ্ণৰ উত্তৰ মন্ত্রীগৰাকীয়ে কয় যে প্রতিৱেশী দেশ ভাৰতৰ সৈতে বাংলাদেশৰ সৈতে ‘নাড়ী’ৰ সম্পর্ক৷ স্বাধীনতা যুদ্ধত ভাৰতৰ সহযোগিতাই তেজৰ সম্পর্ক সৃষ্টি কৰিছে৷ কিন্তু চীনৰ সৈতে অর্থনৈতিক সম্পর্ক আছে দেশখনৰ৷ চীনৰে  সম্পর্ক থাকিলেও ভাৰতৰ সৈতে সম্পর্কত কেতিয়াও প্রভাৱ নপৰে বুলিও মন্তব্য কৰে মন্ত্রীগৰাকীয়ে৷

অধিক খবৰৰ বাবে তলৰ লিংকত ক্লিক কৰক

নেপালৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ পি অলীৰ 

You might also like