নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ কেপি অলীৰ 

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ   অযোধ্যত ৰাম মন্দিৰৰ ভূমি পূজন হোৱাৰ এক সপ্তাহ নহওঁতেই নেপালৰ প্ৰধান মন্ত্ৰী কেপি অলীয়ে নেপালত ৰাম মন্দিৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ইয়াৰ আগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰামৰ জন্মস্থান অযোধ্যাত নহয় নেপালত বুলি দাবী কৰিছিল।

নেপালৰ  চৰকাৰী সংবাদ মাধ্যমে জানিবলৈ দিয়া মতে দেশখনৰ প্ৰধানমন্ত্ৰী অলীয়ে দেশখনৰ ঠৌৰী আৰু মাডীৰ স্থানীয় জনপ্ৰতিনিধি সকলক কাঠমাণ্ডুলৈ মাতি আনি শ্ৰী ৰামৰ মন্দিৰ বনাবলৈ সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

নেপালাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ঠৌৰী মাডী নগৰ নিগমৰ নাম সলনি কৰি অযোধ্যাপুৰী  কৰিবলৈ নিৰ্দেশ দিছে। লগতে ওচৰৰ স্থানীয় মাটি গ্ৰহণ কৰি ৰাম মন্দিৰৰ নিৰ্মাণ কৰাৰ লগতে অযোধ্য নগৰলৈ বিকাশ কৰিবলৈও নিৰ্দেশ দিছে। লগতে ৰাম, সীতা,লক্ষ্মণৰ সুউচ্চ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছে।

দেশখনৰ সংবাদ মাধ্যমৰ মতে চলিত বৰ্ষৰ দশমী দিনা ৰামৰ মন্দিৰৰ ভূমি পূজন কৰিব। লগতে মন্দিৰ নিৰ্মাণৰ খৰচ নেপাল চৰকাৰে খৰচ বহন কৰা কথাও ঘোষণা কৰিছে।

You might also like