নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ কণ্ঠস্বৰ পৰীক্ষা কৰিও চিনাক্ত কৰিব পাৰি ক’ভিড-১৯ পজিটিভ। আমেৰিকা আৰু ইজৰাইলৰ পিছত ভাৰতত এনে প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব বাণিজ্য নগৰী মুম্বাইত।
মুম্বাইৰ পৌৰসভা বি এম চিৰ উদ্যোগত প্ৰায় ১০০০ মানুহৰ ওপৰত এই প্ৰযুক্তি ব্যৱহাৰ কৰি ক’ভিড-১৯ পজিটিভ চিনাক্ত কৰা হ’ব। কণ্ঠস্বৰৰ জৰিয়তে ক’ভিড-১৯ ধৰা পেলোৱা প্ৰযুক্তিবিধক AI অৰ্থাৎ (Artificial intelligence) বুলি জনা যায়।
কৃত্ৰিম বুদ্ধিমত্তা বা এ আই প্ৰযুক্তি নিৰ্ভৰ ই এটা ছফটৱেৰ, যিয়ে কণ্ঠস্বৰ ৰেকৰ্ড হোৱাৰ ৩০ ছেকেণ্ডৰ ভিতৰত ফলাফল জনাব পাৰে। আমেৰিকা আৰু ইজৰাইলত এই এপ ভিত্তিক পৰীক্ষাৰ ফলাফল ৮৫ শতাংশই নিৰ্ভুল আছিল বুলি জানিব পৰা গৈছে।
ভাৰতত প্ৰথমবাৰৰ বাবে ইয়াক ব্যৱহাৰ কৰিব বিচৰা মুম্বাই পৌৰসভা বি এম চিৰ উপ-আয়ুক্ত সুৰেশ কাকানিয়ে কয়, প্ৰথমাৱস্থাত এই পৰীক্ষা যিসকল লোকৰ কৰা হ’ব, তেওঁলোকৰ পি চি আৰ আৰু শ্লেশ্মাৰ নমুনা সংগ্ৰহ কৰা হ’ব। উভয় পৰীক্ষাৰ ফলাফলৰ ভিত্তিত কণ্ঠস্বৰ পৰীক্ষাৰ নিৰ্ভুলতা প্ৰমাণ কৰিব পৰা যাব।
পৰীক্ষাৰ ফলাফল নিৰ্ভুল হ’লে বহু লোকক এই টেষ্টৰ আওতালৈ আনিব পৰা যাব। কিয়নো বৰ্তমানৰ ক’ভিড টেষ্টতকৈ ই অতি সহজ পদ্ধতি।