নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ মাটিত আইপিএল পাতিবলৈ সাজু ব’ৰ্ড

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে বিগত বর্ষত ইউ এ ইত বহু পলমকৈ অনুষ্ঠিত হৈছিল আই পি এল৷ বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এল দ্বিতীয়বাৰৰ বাবে মৰুৰ দেশত অনুষ্ঠিত হোৱাৰ পিছত এইবাৰ দেশৰ মাটিত প্রতিযোগিতাখন আয়োজন কৰিবলৈ সাজু হৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড৷ অহা ১৮ ফেব্রুৱাৰীত চেন্নাইত অনুষ্ঠিত হ’বলগীয়া চলিত বর্ষৰ আই পি এলৰ খেলুৱৈ নিলাম অনুষ্ঠানৰ পিছতে মেগা ইভেণ্টখনৰ ভেন্যু ঘোষণা হোৱাৰ সম্ভাৱনা আছে৷

বি চি চি আইৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া অনুসৰি ব’র্ডে এইবাৰ আই পি এল দেশৰ মাটিত আয়োজন কৰিবলৈ প্রস্তুতি চলাইছে৷ ক’ভিড–১৯ৰ সংক্রমণ ভাৰতত যথেষ্ট নিয়ন্ত্রণলৈ অহাত ব’র্ডে আই পি এল ভাৰতত আয়োজন কৰিব পাৰিব বুলি আশা প্রকাশ কৰিছে৷ ক’ভিডৰ পৰিস্থিতি আৰু কিছু উন্নত হোৱালৈ অপেক্ষা কৰি ব’র্ডে ১৮–১৯ ফেব্রুৱাৰীৰ ভিতৰত আই পি এলৰ স্থান ঘোষণা কৰিব৷

ব’ৰ্ডৰ সূত্রটোৱে এই কথাও জানিবলৈ দিছে যে বি চি চি আয়ে চলিত বর্ষৰ আই পি এল দেশৰ বিভিন্ন স্থানত আয়োজন কৰি দর্শকক ষ্টেডিয়ামলৈ ওভতাই অনাৰ মন মেলিছে৷ অৱশ্যে ক’ভিডৰ প্রতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে অব্যাহত ৰখা প্রট’কলসমূহ এপ্রিল–মে’পর্যন্ত চলি থাকিলে ব’র্ডে এখন চহৰৰ তিনিখন ষ্টেডিয়ামত মেচ আয়োজনৰ সিদ্ধান্ত ল’ব পাৰে৷ এনে পৰিস্থিতি উদ্ভৱ হ’লে ব’ডৰ বাবে ইউনাইটেড আৰব এমিৰেটছ পছন্দৰ ভেন্যু হ’ব৷ কিয়নো বিগত বর্ষৰ অক্টোবৰ–নৱেম্বৰত সফলতাৰে আয়োজন কৰি দেশখন ইতিমধ্যে বৃহৎ ইভেণ্টৰ বাবে সাজু হৈ আছে৷

ইফালে, আই পি এলৰ খেলুৱৈ নিলামৰ পূর্বে ভেন্যু ঘোষণা কৰিবলৈ ব’ৰ্ডক হেঁচা দি আছে আই পি এলৰ ফ্রেঞ্চাইজীসমূহে৷ এইপর্যন্ত ভেন্যু নিশ্চিত নোহোৱাত তেওঁলোকৰ পৰিকল্পনা প্রস্তুত কৰাত অসুবিধা হোৱা বুলি ফ্রেঞ্চাইজীসমূহে বি চি চি আইক জানিবলৈ দিছে৷ কিন্তু ব’র্ডে তেওঁলোকক স্পষ্টকৈ জনাই দিছে যে ১৮ ফেব্রুৱাৰীৰ নিলামৰ পূর্বে আই পি এলৰ ভেন্যু ঘোষণা হোৱাৰ কোনো সম্ভাৱনা নাই৷

You might also like