নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰাঘৰত পিতৃ–বিশেষভাৱে সক্ষম চাৰি কন্যাৰ মৃতদেহ উদ্ধাৰ

🔹 ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ : দেশৰ ৰাজধানী দিল্লীৰ ৰংগপুৰীৰ এটা ভাৰাঘৰত এগৰাকী ৫০ বছৰীয়া ব্যক্তি আৰু তেওঁৰ চাৰি কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এই ৰহস্যজনক মৃত্যুক লৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে অনুমান কৰা অনুসৰি পৰিয়ালটোৱে চৰম পথ বাছি লৈছে৷ জানিব পৰা মতে, মৃত হীৰালালৰ চাৰিওজনী কন্যা বিশেষভাৱে সক্ষম৷ তেওঁলোকৰ বয়স ক্রমে ১৮, ১৫, ১০ আৰু ৮ বছৰ৷ এবছৰ পূর্বে হীৰালালৰ পত্নীৰ মৃত্যু হৈছে৷ চাৰিওজনী কন্যাক লৈ হীৰালাল অসুখী আছিল বুলি ধাৰণা কৰিছে আৰক্ষীয়ে৷ চিচি টিভিৰ ফুটেজত দেখিবলৈ পোৱা গৈছে ২৪ ছেপ্টেম্বৰৰ নিশা ঘৰত প্রৱেশ কৰিছে হীৰালাল৷ অন্য কোনো লোকক ঘৰত প্রৱেশ কৰা দেখা যোৱা নাই ফুটেজত৷ কেইবাদিনো ধৰি ঘৰটোত হীৰালালৰ পৰিয়ালৰ কাকো নেদেখি প্রতিবেশীয়ে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে আহি মৃতদেহকেইটা উদ্ধাৰ কৰে৷

You might also like