চিন্তাত পৰিছে বলীউডৰ ইউক্ৰেইনী অভিনেত্ৰী নাটালিয়া
বিশেষ বাৰ্তা,২৮ ফেব্ৰুৱাৰীঃ অভিনয়ৰ স্বপ্ন লৈ বলীউডলৈ আহিছিল নাটালিয়া কোজহেনোভা। ৰাছিয়াৰ আক্রমণত এতিয়া বিধ্বস্ত তেওঁ স্বদেশ ইউক্রেইন। পৰিয়ালৰ কথা ভাবি দুশ্চিন্তাত দিন কটাইছে ইউক্রেইনৰ অভিনেত্রীগৰাকী। প্রায় ১১ বছৰ পূৰ্বে ইউক্রেইন এৰি মুম্বাইলৈ আহিছিল নাটালিয়া। ২০১০ চনত মুক্তি পায় তেওঁ অভিনয় কৰা প্রথমখন ছবি ‘অতিথি তুম কব জায়োগে’। তাৰ পাছত ‘অঞ্জুনা বিচ’, ‘ছুপাৰ মডেল’, ‘তেৰে জিছম সে জান টক’, ‘ইভিল ইজ বেক’সহ বহুকেইখন হিন্দী ছবিত মুখ্য চৰিত্রত অভিনয় কৰিছে নাটালিয়াই। ইয়াৰ উপৰিও ‘গন্দি বাত’ ছিৰিজতো গুৰুত্বপূর্ণ চৰিত্রত দেখা যায়। শেহতীয়াকৈ নতুন ছবি ‘ভানুমতী’ৰ কাম শেষ কৰিছে অভিনেত্রীগৰাকীয়ে। নাটালিয়াৰ পৰিয়ালত আছে তেওঁৰ মাক, সতিয়া পিতৃ, দুই ভাতৃ। সকলোৱে থাকে ইউক্রেইনৰ ৰিভন চহৰত। ৰাছিয়াৰ আক্রমণত ইউক্রেইনৰ বিধ্বস্ত অৱস্থা দেখি নাটালিয়াৰ দুঃচিন্তা বাঢ়িছে, পৰিয়ালৰ সৈতে আৰু দেখা হ’বই বা নাই! পৰিয়ালৰ কিবা হ’লে তেওঁ অনাথ হৈ পৰিব, তেওঁৰ আন কোনোৱে নাই এই পৃথিৱীত।