🔹 শনিবাৰে আনুষ্ঠানিকভাৱে বিজেপিৰ দিল্লী কাৰ্যালয়ত যোগদান
বিশেষ বাৰ্তা, ১৬ মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাধা পৌড়ৱালে। শনিবাৰে তেওঁ আনুষ্ঠানিকভাৱে বিজেপিৰ দিল্লীৰ কাৰ্যালয়ত বিজেপিত যোগদান কৰে। কেইবাদিনো ধৰি দিল্লীৰ ৰাজনৈতিক মহলত তেওঁ বিজেপিত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈ আছিল। সেই জল্পনা-কল্পনাৰ অন্ত পেলাই পৌড়ৱালে গেৰুৱা শিবিৰত যোগদান কৰে। অনুৰাধা পৌড়ৱালে আশী-নব্বৈৰ দশকত বলীউডত নিজৰ কণ্ঠৰে খলকনি তুলিছিল। ভক্তিমূলক সংগীতৰ পৰা তেওঁৰ উত্থান হৈছিল। আছিকী, দিল হেয় কি মান্তা নেহি, সাজান আদি ছবিত গীত গাই অনুৰাধাই খ্যাতি অৰ্জন কৰিছিল। কুমাৰ চানু আৰু উদিত নাৰায়ণৰ দৰে কণ্ঠশিল্পীৰ সৈতে এটাৰ পিছত এটাকৈ ছুপাৰহিট গীত আগবঢ়াইছে শিল্পীগৰাকীয়ে। এতিয়া তেওঁ ৰাজনীতিৰ দ্বাৰা সাধাৰণ মানুহৰ ওচৰ চাপিব বিচাৰিছে। বিজেপিত যোগদান কৰাৰ পাছত অনুৰাধা পৌড়ৱালে কয়- ‘মই বহুদিন ভাবি আছিলোঁ ৰাজনীতিত যোগদান কৰিম নে নকৰিম। অৱশেষত এটা সিদ্ধান্ত লৈছিলোঁ। ইমান দিনে মানুহৰ বাবে গান গাই আহিছোঁ। এইবাৰ মই তেওঁলোকৰ বাবে কাম কৰিম।’