নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মস্কোৰ পৰা দিল্লীলৈ অহা বিমানত বোমাতংক, তদন্ত অব্যাহত

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ:  শুকুৰবাৰে পুৱাৰ ভাগত মস্কোৰ পৰা দিল্লীলৈ আহি থকা এখন বিমানত বোমা থকাৰ খবৰ লাভ কৰে সুৰক্ষাকৰ্মীয়ে। পুৱা প্ৰায় ৩.২০ বজাত দিল্লীত অৱতৰণ কৰে বিমানখন। বিমানখনত আছিল ১৪ জন ক্ৰু আৰু ৩৮৬ জন যাত্ৰী। অৱতৰণ কৰাৰ পিছত সকলোকে খৰখেদাকৈ নমাই অনা হয়। বৰ্তমানলৈকে বিমানখনত কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী বিচাৰি পোৱা নাই বিষয়াসকলে। দিল্লী আৰক্ষীয়ে জনোৱা মতে, এই বিষয়ত তদন্ত আৰম্ভ কৰা হৈছে।

সূত্ৰ অনুসৰি, ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কণ্ট্ৰল ৰুমৰ ছ’চিয়েল মিডিয়া চাইটত বৃহস্পতিবাৰে নিশা ১১ বজাত ৰাছিয়াৰ পৰা অহা বিমানখনত এটা বোমা থকাৰ খবৰ পোৱা গৈছিল। আৰক্ষীয়ে জনোৱা মতে, চি আই এছ এফে বিমানখনত বোমাটোৰ উপস্থিতিৰ বিষয়ে ইমেইলযোগে তথ্য লাভ কৰিছিল।

বৰ্তমান দিল্লী আৰক্ষীয়ে এনে কোনো সন্দেহজনক বস্তু উদ্ধাৰ কৰা নাই। অৱশ্যে নিৰাপত্তাৰক্ষীয়ে যাত্ৰীসকলক কঠোৰভাৱে পৰীক্ষা-নিৰীক্ষা কৰি আছে।

You might also like