নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ ৪০ স্কুললৈ বোমা আক্রমণৰ ভাবুকি

🔹 দুর্বৃত্তই ই–মেইলত দাবী কৰিলে ২৫ লক্ষাধিক টকা

নিউজ ডেস্ক, ১০ ডিচেম্বৰ : দেশৰ ৰাজধানী দিল্লীৰ এখন এখনকৈ ৪০খন বিদ্যালয়লৈ আহিল বোমা আক্রমণৰ ভাবুকি৷ দিল্লী আৰক্ষীয়ে দুখন বিদ্যালয়ৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷ এখন দিল্লীৰ আৰকে পুৰমৰ আৰু আনখন পশ্চিম বিহাৰ অঞ্চলৰ৷ দুয়োখন বিদ্যালয়লৈ ই–মেইলত আহিছে ভাবুকি৷ বোমাতংক বিয়পি পৰাৰ লগে লগে দুয়োখন বিদ্যালয়ৰ কর্তৃপক্ষই শিক্ষার্থীসকলক ঘৰলৈ ওভতাই পঠিয়ায়৷ খবৰ দিয়া হয় দিল্লী আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীক৷ সংবাদ সংস্থাৰ তৰফৰ পৰা দিল্লী আৰক্ষীৰ বিবৃতিৰ উদ্ধৃতি দি সদৰী কৰা হৈছে যে মুঠ ৪০খন বিদ্যালয়ত বোমা থকা বুলি ই–মেইলত ভাবুকি আহিছে৷ ইতিমধ্যে এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ কোনে বিদ্যালয়সমূহলৈ ই–মেইলত এই ভাবুকি প্রেৰণ কৰিছে, তাক পৰীক্ষা কৰি আছে দিল্লী আৰক্ষীৰ তদন্তকাৰী বিষয়াই৷ প্রাথমিকভাৱে জানিব পৰা গৈছে যে পৰহি নিশাৰ ভাগতে কেইবাখনো বিদ্যালয়লৈ ই–মেইলত ভাবুকি আহে৷ কালি বিদ্যালয় খোলাৰ লগে লগে কর্তৃপক্ষৰ এই বিষয়টো নজৰত পৰে৷ বোমাতংক বিয়পি পৰাৰ লগে লগে বিদ্যালয়সমূহৰ কর্তৃপক্ষই অভিভাৱকসকলৰ সৈতে যোগাযোগ কৰি শিক্ষার্থীসকলক ঘৰলৈ ওভতাই নিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়৷ লক্ষণীয়ভাৱে ই–মেইলত ভাবুকি প্রেৰণ কৰা দুর্বৃত্তই বোমাবোৰ নিষ্ক্রিয় কৰাৰ বাবে ৩০,০০০ ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত ২৫,৪১,৪৫৩ টকা দাবী কৰে৷ এই ধন নাপালে বোমাবোৰ বিস্ফোৰণ ঘটোৱা হ’ব বুলিও ই–মেইলত ভাবুকি দিয়ে দুর্বৃত্তই৷ স্মর্তব্য যে ইয়াৰ পূর্বেও দিল্লীৰ বিদ্যালয়লৈ বোমা আক্রমণৰ ভাবুকি আহিছিল৷ অকল সেয়াই নহয়, দেশৰ সহস্রাধিক বিমানলৈ দুর্বৃত্তই প্রেৰণ কৰিছিল বোমা বিস্ফোৰণৰ ভাবুকি৷ সেইদৰে বিমান বন্দৰসমূহলৈও বোমা আক্রমণৰ ভাবুকি আহিছিল৷

You might also like