বিশেষ বাৰ্তা, ১৫ ফেব্রুৱাৰী : জংঘলৰ জলাশয়ত বনৰজাৰ মুখত প্লাষ্টিকৰ পানীৰ বটল৷ ফটোগ্রাফাৰে সংগ্রহ কৰি ছ’চিয়েল মিডিয়াত প্রচাৰ কৰা বনৰজাৰ এই ভিডিঅ’ক লৈ আলোড়নৰ সৃষ্টি হৈছে৷ বন্যপ্রাণী আলোকচিত্র শিল্পী দীপ কাঠিকাৰে জংঘলৰ জলাশয়ৰ পৰা বাঘ এটাই পানীৰ বটল এটা লৈ গৈ থকা আকর্ষণীয় ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্রচাৰ কৰিছে৷ ফটোগ্রাফাৰগৰাকীয়ে প্রকাশ কৰা মতে, বনাঞ্চলত ভানুছখিণ্ডি নামৰ বাঘিনীটোৱে জলাশয়ৰ পৰা প্লাষ্টিকৰ পানীৰ বটলটো নিজৰ পোৱালিক সেৱনৰ বাবে লৈ গৈ আছিল৷ ৰামদেগী পাহাৰৰ বনাঞ্চলৰ এই দৃশ্যসম্বলিত ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্রচাৰ কৰাৰ পিছতে মুহূর্তৰ ভিতৰতে ইনষ্টাগ্রামত ২১ হাজাৰতকৈ অধিক লোকে প্রত্যক্ষ কৰি মন্তব্য আগবঢ়াইছে৷