নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পাই সোমবাৰে পদত্যাগ কৰিছে৷ য়েডিয়ুৰাপ্পাৰ পদত্যাগৰ পিছতে কর্ণাটকৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব তাক লৈ ব্যাপক চর্চা চলিছে বিজেপি শিবিৰত৷
ইপিনে প্ৰিয় নেতাগৰাকীৰ মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগৰ পাছতে এজন ৩৫ বছৰীয়া যুৱকে আত্মহত্যা কৰে। য়েদিয়ুৰাপ্পাই এই দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে।
প্ৰকৃততে কি ঘটিছিল?
চামৰাজনগৰ জিলাৰ বাসিন্দা ৰবি নামৰ যুৱকজনে সোমবাৰে য়েদিয়ুৰাপ্পাৰ পদত্যাগৰ খবৰ পোৱাৰ পিছত ভাগি পৰে। তাৰ পিছত তেওঁ আত্মহত্যাৰ পথ বাচি লয়। ইতিমধ্যে আৰক্ষীয়ে গোটেই বিষয়টো তদন্ত কৰি আছে। য়েদিয়ুৰাপ্পাই মঙলবাৰে টুইটাৰযোগে ৰবিৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
ನನ್ನ ರಾಜೀನಾಮೆಯಿಂದ ಮನನ್ನೊಂದ ಗುಂಡ್ಲುಪೇಟೆ ತಾ॥ ಬೊಮ್ಮಲಾಪುರದ ರಾಜಪ್ಪ (ರವಿ) ಆತ್ಮಹತ್ಯೆಗೆ ಶರಣಾದ ಸುದ್ದಿ ಅತೀವ ನೋವು ಹಾಗೂ ಬೇಸರ ತರಿಸಿದೆ.ರಾಜಕಾರಣದಲ್ಲಿ ಏರಿಳಿತಗಳು ಸಹಜ ,ಇದಕ್ಕಾಗಿ ಪ್ರಾಣಾರ್ಪಣೆ ಮಾಡಿಕೊಳ್ಳಲು ಮುಂದಾಗುವುದು ಸರ್ವಥಾ ಒಪ್ಪಲಾಗದು, ಇದರಿಂದ ಕುಟುಂಬಕ್ಕಾಗುವ ನಷ್ಟ ಯಾರಿಂದಲೂ ಭರಿಸಲಾಗದು.(1/2)
— B.S. Yediyurappa (@BSYBJP) July 27, 2021