নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“আমাৰ ওচৰত সকলো আছিল, এইবোৰ কৰাৰ প্ৰয়োজন কি আছিল?”- আৰক্ষীৰ জিম্মাতে স্বামী কুন্দ্ৰাক এই প্ৰশ্ন শিল্পাৰ

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ যোৱা ১৯ জুলাইত মুম্বাই আৰক্ষীয়ে অশ্লীল ছবি তথা পর্ন ছবি নির্মাণ কৰাৰ অভিযোগত ৪৫ বছৰীয়া ৰাজ কুন্দ্রাক গ্রেপ্তাৰ কৰিছিল৷ অভিনেত্রী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্রাৰ বিৰুদ্ধে ইতিমধ্যে পর্ন ছবি নির্মাণত জড়িত থকাৰ অনেক তথ্য মুম্বাই আৰক্ষীয়ে লাভ কৰিছে৷

ইয়াৰ মাজতে আৰক্ষীৰ অনুসন্ধানৰ সময়ত স্বামী ৰাজ কুন্দ্ৰাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে পত্নী শিল্পা ছেট্টীয়ে। শিল্পাই স্পষ্টভাৱে স্বামী কুন্দ্ৰাক সুধিছিল, “আমাৰ ওচৰত সকলো আছিল, তাৰপাছতো তুমি এই সকলোবোৰ কিয় কৰিলা?”

উল্লেখ্য যে গ্রেট ব্রিটেইনত থকা ভাতৃৰ সৈতে মিলিত হৈ ৰাজ কুন্দ্রাই ৱেবছাইটযোগে পর্ন ছবিৰ ব্যৱসায় চলাই থকাৰ তথ্য মুম্বাই আৰক্ষীয়ে লাভ কৰিছে৷ তদুপৰি ৰাজ কুন্দ্রাই প্রলোভনেৰে মডেলকে ধৰি বিভিন্ন অভিনেত্রীৰ জৰিয়তে পর্ন ছবি নির্মাণৰো অনেক অভিযোগ পোহৰলৈ আহিছে৷

আনহাতে পৰ্ণগ্ৰাফীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ী ৰাজ কুন্দ্ৰাক ১৪ দিনৰ ন্যায়িক জিম্মাত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

You might also like