নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হ’ব বি আৰ গাভাই

🔹 ১৩ মে’ত কার্যকালৰ অন্ত পৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ 

নিউজ ডেস্ক, ১৭ এপ্রিল : উচ্চতম ন্যায়ালয়ৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে বিচাৰপতি বি আৰ গাভাইক বাছনি কৰিলে বর্তমানৰ মুখ্য ন্যায়াধীশ সন্দীপ খান্নাই৷ উত্তৰাধিকাৰ হিচাপে ন্যায়াধীশ গাভাইৰ নাম প্রস্তাৱ আকাৰে আইন মন্ত্রালয়লৈ লিখি পঠিয়াইছে সন্দীপ খান্নাই৷ আগন্তুক ১৪ মে’ত নতুন মুখ্য ন্যায়াধীশে শপতগ্রহণ কৰিব৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাৰ কার্যকালৰ অন্ত পৰিব ১৩ মে’ত৷ উক্ত দিনাখন অৱসৰ গ্রহণ কৰিব মুখ্য ন্যায়াধীশ খান্নাই৷ অর্থাৎ ইয়াৰ এদিন পাছতে ১৪ মে’ত শপতগ্রহণ কৰিব নতুন মুখ্য ন্যায়াধীশে৷ নিয়ম অনুসৰি বিদায়ী মুখ্য ন্যায়াধীশে তেওঁৰ উত্তৰাধিকাৰ বাছনি কৰিব লাগে৷ উচ্চতম ন্যায়ালয়ৰ বয়োজ্যেষ্ঠ ন্যায়াধীশ হিচাপে বি আৰ গাভাইক বাছনি কৰিছে সঞ্জীৱ খান্নাই৷ শপতগ্রহণৰ পাছত ন্যায়াধীশ বি আৰ গাভাই হ’ব দেশৰ ৫২সংখ্যক মুখ্য ন্যায়াধীশ৷ অৱশ্যে মুখ্য ন্যায়াধীশ হিচাপে বি আৰ গাভাইয়েও দীর্ঘদিন ধৰি কার্যকাল নাপাব৷ ১৪ মে’ত শপতগ্রহণৰ পাছত ছমাহ মুখ্য ন্যায়াধীশৰ দায়িত্বত থাকিব বিচাৰপতি বি আৰ গাভাই৷

You might also like