নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভ্রমণ নিষেধাজ্ঞা বাতিল কৰিবলৈ বিশ্বক আহ্বান ব্রিটেইনৰ

ক’ভিডৰ নতুন সংহাৰঃ ইউৰোপীয় আয়োগক গুৰুত্ব দিয়া নাই সদস্য দেশে

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ ক’ৰোনা ভাইৰাছৰ পৰিৱর্তিত প্রকাৰে ব্রিটেইনত ৭০ গুণ অধিক দ্রুততাৰে সংক্রমণ ঘটোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন দেশে দেশখনৰ সৈতে থকা বিমান সেৱা বাতিল কৰিছে৷ লগে লগে ব্রিটেইনত সৃষ্টি হৈছে এক অস্থিৰ পৰিস্থিতিৰ৷ ব্রিটেইন ভ্রমণ কেইবাখনো দেশে বাতিল কৰাৰ পিছতে ইউৰোপীয় সংঘৰ ২৭খন দেশে বিষয়টো সন্দর্ভত বিবেচনা কৰিব বুলি ঘোষণা কৰাৰ লগে লগে ব্রিটেইনে ভ্রমণ নিষেধাজ্ঞা পৰিহাৰ কৰিব লাগে বুলি অনুৰোধ জনাইছে৷ আজি ইউৰোপীয় আয়োগৰ তৰফৰ পৰা ব্রিটেইনলৈ জৰুৰী ভ্রমণ অব্যাহত ৰাখিব লাগে বুলি এক প্রস্তাৱত অনুমোদন জনাইছে৷ অর্থাৎ ইউৰোপীয় আয়োগে এই সংকটৰ সময়ত ব্রিটেইনৰ সৈতে ভ্রমণ যোগাযোগ সম্পূর্ণৰূপে বন্ধ নকৰিবলৈ অনুৰোধ জনাইছে সকলো দেশকে৷ ইউৰোপীয় আয়োগৰ তৰফৰ পৰা এই অনুৰোধ জনাইছে যদিও সংঘৰ কেইবাখনো সদস্য ৰাষ্ট্রই ব্রিটেইনৰ সৈতে থকা বিমান সেৱা ইতিমধ্যে বাতিল কৰিছে৷ ব্রিটেইনৰ পৰা যাত্রীবাহী বিমান তথা ৰে’লৰ প্রৱেশৰ ক্ষেত্রত বাধা প্রদান কৰিছে কেইবাখনো ইউৰোপীয় দেশে৷ লগে লগে ব্রিটেইন সংকটৰ সন্মুখীন হৈছে৷ লক্ষণীয়ভাৱে ফ্রান্স আৰু ব্রিটেইনৰ মাজত ৰে’লৰ চলাচলো বন্ধ হৈ পৰিছে৷ ক’ৰোনাৰ এই নতুন সংহাৰৰ বাবে প্রায় সকলো ইউৰোপীয় দেশে ব্রিটেইনৰ সৈতে থকা ভ্রমণ যোগাযোগ বন্ধ কৰিছে এই সময়ছোৱাত৷ ইউৰোপীয় আয়োগে অতি জৰুৰী বুলি বিবেচিত ভ্রমণতহে অনুমোদন জনাইছে যদিও ইউৰোপীয় সংঘৰ সদস্য দেশসমূহে নিজাববীয়াকৈ সিদ্ধান্ত গ্রহণ কৰিব পাৰে৷ গতিকে ইউৰোপীয় আয়োগৰ এই আহ্বান দেশবোৰে গ্রহণ কৰিবনে নাই সেয়া লক্ষণীয় হ’ব৷ স্মর্তব্য যে ইউৰোপীয় দেশসমূহে ব্রিটেইনৰ সৈতে থকা বিমান সেৱা বাতিল কৰাৰ পিছত বিশ্বৰ অন্যান্য প্রান্তৰ পৰাও অনুৰূপ সিদ্ধান্ত গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ বৰদিনৰ পূর্বে ক’ৰোনাৰ এই নতুন সংহাৰে অধিক সংকটত পেলাইছে ব্রিটেইনক৷

You might also like