নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশ ভ্রমণত যৌনকর্মী লাগে ব্রিটিছ সাংসদক! ক্ষুণ্ণ প্রধানমন্ত্রী সুনাক

নিয়মীয়া বাৰ্তা, ৩১ডিচেম্বৰ: বিদেশ ভ্রমণলৈ গৈ ব্রিটিছ সাংসদসকলে যৌনকর্মীৰ সৈতে অধিক সময় কটোৱা ঘটনাক লৈ লজ্জানত হ’বলগীয়া হৈছে দেশখনৰ চৰকাৰ৷ এই ঘটনাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে প্রধানমন্ত্রী ঋষি সুনাকে৷ বিভিন্ন দলৰ সাংসদসকলক লৈ গঠিত প্রতিনিধিৰ দল এটাই বিদেশ ভ্রমণলৈ গৈছিল৷ এক সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি, বিদেশত গৈ সাংসদসকলে যৌনকর্মীৰ সৈতে ৰাত্রি যাপন কৰাৰ উপৰি বিপুল পৰিমাণে সুৰাপানো কৰিছিল৷ সাংসদসকলৰ এনে অশোভনীয় আচৰণত চৰকাৰৰ কেইবাগৰাকীও বর্ষীয়ান সদস্য ক্ষুণ্ণ হৈছে৷ সাংসদসকলৰ দক্ষিণ–পূব এছিয়াৰ এখন দেশ ভ্রমণৰ সময়ত কেইবাগৰাকীও সাংসদে ৰেডলাইট এৰিয়াত গৈ পতিতাৰ সৈতে সময় কটাইছিল৷ এই সন্দর্ভত ইতিমধ্যে সাংসদসকলৰ বিদেশ ভ্রমণৰ সময়ৰ সবিশেষ তথ্য বিচাৰি কঠোৰ নির্দেশনা জাৰি কৰিছে৷ সাধাৰণ জনতাৰ মাজত এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷

You might also like