নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত এটা বছৰত পথ দুর্ঘটনাত নিহত ১.৫ লাখ

নিয়মীয়া বাৰ্তা, ৩১ডিচেম্বৰ: দেশত পথ দুর্ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ আজি ভাৰতীয় ক্রিকেট দলৰ উইকেটৰক্ষক বেটছমেন ঋষভ পণ্টৰ গাড়ী ভয়াৱহভাৱে দুর্ঘটনাত পতিত হোৱা ঘটনাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ সময়তে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ে প্রকাশ কৰিছে যে ২০২১ চনত ৪ লাখ ১২ হাজাৰ ৪৩২টা পথ দুর্ঘটনা সংঘটিত হৈছিল৷ এই দুর্ঘটনাত মৃত্যু হৈছে ১ লাখ ৫৩ হাজাৰ ৯৭২জনৰ৷ আহত হৈছে ৩ লাখ ৮৪ হাজাৰ ৪৪৮জন৷ অর্থাৎ এটা বর্ষত ডেৰ লক্ষাধিক লোক পথ দুর্ঘটনাত নিহত হৈছে ভাৰতত৷ চলিত বর্ষটোৰ তথ্য অৱশ্যে পথ পৰিবহণ মন্ত্রালয়ে সদৰী কৰা নাই৷

You might also like