🔹 মীৰাটত প্রেমিক ছাহিলৰে মিলি নৃশংস কাণ্ড
নিউজ ডেস্ক, ২৩ মার্চ : উত্তৰ প্রদেশৰ মীৰাটত প্রেমিকৰ সৈতে মিলি স্বামীক হ*ত্যা কৰাৰ পিছত পত্নীয়ে মৃ*তদেহটো খণ্ড খণ্ডকৈ টু*কুৰা কৰাই নহয়, মিক্সাৰ গ্রাইণ্ডাৰতো খু*ন্দিছিল বুলি শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে৷ সৌৰভ ৰাজপুত নামৰ ব্যক্তিজনক তেওঁৰ পত্নী মুছকান ৰোস্তগি আৰু প্রেমিক ছাহিল শুক্লাই ছু*ৰীৰে হা*নি–খুঁচি হত্যা কৰাৰ পিছত মৃ*তদেহটো টুকুৰা–টুকুৰ কৰি ড্রামত ভৰাই চিমেণ্টেৰে বন্ধ কৰি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে৷ এই মৃ*তদেহ মৰণোত্তৰ পৰীক্ষাৰ সময়ত আন এক ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ মীৰাট চহৰৰ আৰক্ষী অধীক্ষক আয়ুষ বিক্রম সিঙে প্রকাশ কৰা মতে, চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ সময়ত মৃ*তদেহটো খণ্ড মিক্সাৰ গ্রাইণ্ডাৰত গুৰি কৰা বুলিও সন্দেহ প্রকাশ কৰিছে৷ উল্লেখ্য যে মীৰাটৰ সৌৰভ ৰাজপুতক পত্নী মুছকানে প্রেমিকৰ সৈতে হ*ত্যা কৰি নিৰুদ্দেশ হোৱাৰ খবৰ প্রচাৰ কৰিছিল৷ কিন্তু পৰিয়ালৰ সন্দেহত আৰক্ষীয়ে দুয়োকে গ্রেপ্তাৰ কৰাত সকলো পোহৰলৈ আহিছে৷ আৰক্ষীৰ সোধা–পোছাত স্বামীক হ*ত্যা কৰা বুলি স্বীকাৰ কৰিছে মুছকানে৷