নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা উত্তৰাখণ্ডৰ বিজেপি সাংসদ অনন্তকুমাৰ হেগড়েই বি এছ এন এলৰ ৮৫ হাজাৰ কর্মচাৰীক বিশ্বাসঘাতক আখ্যা দি দেশজুৰি সৃষ্টি কৰিছে বিতর্ক৷ বিভিন্ন সময়ত বিতর্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি অহা হেগড়েই উল্লেখ কৰিছে যে বি এছ এন এলৰ এই কর্মীসকলে ধন–আন্তঃগাঁথনি আৰু এক মুকলি বজাৰ লাভ কৰাৰ পাছতো কাম কৰিবলৈ অস্বীকাৰ কৰি আহিছে৷ এনে ধৰণৰ কর্মচাৰীক শীঘ্রে বর্খাস্ত কৰিব লাগে বুলিও দাবী কৰিছে বহুবল্কী নেতাগৰাকীয়ে৷ বিশ্বাসঘাতক তথা দেশদ্রোহী বুলি অভিহিত কৰি বি এছ এন এলৰ কর্মচাৰীসকলক শীঘ্রে বর্খাস্ত কৰা দাবী কৰা হেগড়েৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী কংগ্রেছ৷
কালি সাংসদগৰাকীয়ে নিজ সমষ্টি কুমটাত এক কার্যসূচীত অংশগ্রহণ কৰি কৰা এই মন্তব্যৰ ভিডি’ সংবাদ মাধ্যমত মুকলি হোৱাৰ পাছতে নেতাগৰাকীৰ বিৰুদ্ধে বিভিন্ন মহলে বিষোদ্গাৰ প্রকাশ কৰিছে৷ হেগড়েৰ মন্তব্যৰ জৰিয়তে কেন্দ্রৰ এন ডি এ চৰকাৰৰ সমস্ত ব্যক্তিগতকৰণৰ যি অভিসন্ধি, তাৰেই প্রতিফলন ঘটা বুলি অভিযোগ কৰিছে কংগ্রেছ দলে৷ স্মর্তব্য যে পূর্বে মহাত্মা গান্ধীয়ে স্বাধীনতা সংগ্রামৰ নেতৃত্ব দিয়াটো এক নাটক আছিল বুলি মন্তব্য কৰিছিল এই বহুবল্কী বিজেপি নেতাগৰাকীয়ে৷