নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থোৰতে বাজেট : কি আছে কেন্দ্ৰীয় বাজেটত

🔹 মুঠ ব্যয় ৪৮.২১ লাখ কোটি টকা৷
🔹 মুঠ সংগ্রহ ৩২.০৭ লাখ কোটি টকা৷
🔹 কৰ সংগ্রহ ২৫.৮৩ লাখ কোটি টকা৷
🔹 বিত্তীয় ঘাটি জিডিপিৰ ৪.৯ শতাংশ৷
🔹 পৰৱর্তী বর্ষত বিত্তীয় ঘাটি ৪.৫ শতাংশৰ নিম্নগামী কৰাৰ লক্ষ্য৷
🔹 মুদ্রাস্ফীতি নিম্ন সুস্থিৰ আৰু ৪ শতাংশতে সীমাবদ্ধ কৰাৰ লক্ষ্য৷
🔹 প্রতিৰক্ষা খণ্ডত ৬.২২ লাখ কোটি টকা৷
🔹 গ্রামোন্নয়নত ২.৬৫ লাখ কোটি টকা৷
🔹 কৃষি আৰু সংহত কার্যকলাপত ১.৫১ লাখ কোটি টকা৷
🔹 গৃহ পৰিক্রমাত ১.৫০ লাখ কোটি টকা৷
🔹 শিক্ষাত ১.২৫ লাখ কোটি টকা৷
🔹 তথ্য প্রযুক্তি আৰু টেলিকমত ১.১৬ লাখ কোটি টকা৷
🔹 স্বাস্থ্যত ৮৯,২৮৭ কোটি টকা৷
🔹 শক্তিত ৬৮,৭৬৯ কোটি টকা৷
🔹 সামাজিক কল্যাণত ৫৬,৫০১ কোটি টকা৷
🔹 বাণিজ্য আৰু উদ্যোগত ৫৬,৫০১ কোটি টকা৷
🔹 বাজেটত প্রাধান্য- নিযুক্তি, দক্ষতা, এমএছএমই আৰু মধ্য শ্রেণী৷
🔹 নিযুক্তি আৰু দক্ষতাৰ কাৰণে প্রধানমন্ত্রীৰ পাঁচটা আঁচনিত পেকেজ৷
🔹 ৫টা আঁচনিৰ জৰিয়তে ৫ বছৰত সংস্থাপন, দক্ষতা আৰু সুযোগৰ দ্বাৰা ৪.১ কোটি যুৱকক সংস্থাপনৰ লক্ষ্য৷
🔹 প্রথমবাৰৰ কর্মচাৰীক তিনিটা কিস্তিত ১৫ হাজাৰকৈ প্রথম মাহৰ দৰমহা, ইপিএফত পঞ্জীয়ন কৰিব৷
🔹 চৰকাৰে দুই বছৰৰ কাৰণে প্রতি মাহত তিনি হাজাৰ টকাকৈ কর্মচাৰীৰ ইপিএফত অৰিহণা যোগাব৷
🔹 ৫ বছৰৰ কাৰণে ২০ লাখ যুৱকক দক্ষ কৰি তোলা হ’ব৷
🔹 এক হাজাৰ ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানক উন্নীত কৰা হ’ব৷
🔹 ৫০০ শীর্ষ কোম্পানীক নতুন আঁচনিৰ জৰিয়তে ইণ্টার্নশ্বিপত ৫ বছৰৰ কাৰণে এক কোটি যুৱকক সংস্থাপন৷
🔹 বিকশিত ভাৰতৰ ৯টা প্রধান বিষয়–কৃষিখণ্ডত উৎপাদনশীলতা, নিযুক্তি–দক্ষতা, মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়, নগৰ উন্নয়ন, শক্তি নিৰাপত্তা, আন্তঃগাঁথনি, উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন, পৰৱর্তী প্রজন্ম৷
🔹 প্রাকৃতিক কৃষিৰ বাবে দেশজোৰা ১০০ কোটি কৃষকক প্রমাণ–পত্র আৰু ব্রেণ্ডিঙেৰে দুবছৰ স্বীকৃতি৷
🔹 প্রাকৃতিক কৃষিৰ বাবে দেশজোৰা ১০ হাজাৰ আৱশ্যক আধাৰিত জৈৱ সম্পদ কেন্দ্র স্থাপন৷
🔹 কৃষকক সাঙুৰি তিনি বছৰৰ কাৰণে ডিজিটেল পাব্লিক ইনফ্রাষ্ট্রাকচাৰ স্থাপন৷
🔹 কর্মক্ষেত্রত মহিলাৰ অংশগ্রহণ বৃদ্ধিৰ লক্ষ্যৰে কর্মৰত মহিলাৰ বাবে হোষ্টেল–ক্রেচ আদি স্থাপন৷ মহিলাকেন্দ্রিক দক্ষতা কার্যসূচী আয়োজন৷ মহিলা আত্মসহায়ক উদ্যোগীক আগবঢ়াই নিয়াৰ বাবে বজাৰ স্থাপন৷
🔹 মডেল স্কীল লোন স্কিম ৭.৫ লাখলৈকে বৃদ্ধি৷
🔹 চৰকাৰী আঁচনি আৰু কোনো সুবিধা নোপোৱা যুৱকক আর্থিক সাহায্যৰ কাৰণে ঘৰুৱা শৈক্ষিক প্রতিষ্ঠানৰ বাবে ১০ লাখকৈ টকা৷
🔹 গয়াকে ধৰি অমৃতসৰ–কলকাতা ঔদ্যোগিক কৰিড’ৰৰ বিকাশ৷
🔹 পিৰপানিটিত ২১,৪০০ কোটি টকা ব্যয়সাপেক্ষে ২৪০০ মেগাৱাটৰ বিদ্যুৎ প্রকল্পসহ কেইবাটাও বিদ্যুৎ প্রকল্প৷
🔹 বিহাৰ আৰু অন্ধ্রপ্রদেশলৈ বিশেষ পেকেজ৷
🔹 মহিলা আৰু কন্যাৰ লাভৰ বাবে আঁচনিত ৩ লাখ কোটি টকা অনুমোদন৷
🔹 প্রধানমন্ত্রী জনজাতীয় উন্নত গ্রাম অভিযানত জনজাতীয় অধ্যুষিত গাঁও আৰু জিলাত ৬৩ হাজাৰ গাঁও সামৰি ৫ কোটি জনজাতীয় লোকক লাভান্বিত কৰাৰ বাবে আঁচনি।
🔹 উত্তৰ-পূর্বাঞ্চলত ১০০টা ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ শাখা স্থাপন৷
🔹 নির্মাণ খণ্ডত এমএছএমইৰ কাৰণে ক্রেডিট গেৰাণ্টী স্কীম৷
🔹 থার্ড পার্টী গেৰাণ্টী নোহোৱাকৈ এমএছএমইৰ কাৰণে যন্ত্র আৰু সঁজুলি কিনাৰ বাবে ক্রেডিট গেৰাণ্টী আঁচনি৷
🔹 সংকটৰ সময়ত এমএছএমইৰ কাৰণে ক্রেডিট সমর্থন৷
🔹 মুদ্রা ঋণৰ ধন ১০ লাখৰ পৰা ২০ লাখ টকালৈকে বৃদ্ধি৷
🔹 এমএছএমই খণ্ডত বিত্তীয় সমর্থনৰ বাবে ৫০ মাল্টি প্রডাক্ট ফুড ইৰেডিয়েচন ইউনিট স্থাপন৷
🔹 এমএছএমইৰ কাৰণে পিপিপিৰ আর্হিত ই–কমার্চ ৰপ্তানি হাব স্থাপন৷
🔹 ই–কমার্চ, শিক্ষা, স্বাস্থ্য, আইন আৰু ন্যায়, এমএছএমই সেৱা যোগান, চহৰ, প্রশাসন, লগিষ্টিকছ আদিৰ খণ্ডত ডিপিআই বিকাশ৷
🔹 পিএম আৱাস যোজনা আৰবান ২.০ৰ অধীনত ১ কোটি চহৰৰ দুখীয়া আৰু মধ্যবিত্ত শ্রেণীৰ লোকক গৃহ প্রদানৰ বাবে কেন্দ্রৰ ২.২ লাখ কোটি টকাৰ সহায়ত ১০ লাখ কোটি টকা বিনিয়োগ৷
🔹 নির্বাচিত চহৰত পৰৱর্তী ৫ বছৰত প্রতি বছৰে ১০০ সাপ্তাহিক বজাৰ অথবা পদপথৰ খাদ্য বজাৰ বিকাশৰ বাবে নতুন আঁচনি৷
🔹 আন্তঃগাঁথনিত কেন্দ্রীয় চৰকাৰৰ বিনিয়োগ, জিডিপিৰ ৩.৪ শতাংশ অর্থাৎ মূলধন ব্যয় ১১,১১,১১১ কোটি টকা৷
🔹 ৰাজ্যসমূহক আন্তঃগাঁথনিত বিনিয়োগৰ বাবে দীর্ঘম্যাদী সুতবিহীন ১.৫ লাখ কোটি টকা ঋণ৷
🔹 প্রধানমন্ত্রী গ্রাম চড়ক যোজনা পর্যায় ৪ মুকলি, ২৫ হাজাৰ গ্রাম্যক সংযোগেৰে পথ নির্মাণ৷
🔹 জলসিঞ্চন আৰু বান নিয়ন্ত্রণৰ ক্ষেত্রত অসম, হিমাচল প্রদেশ, উত্তৰাখণ্ড, ছিকিমৰ কাৰণে কেন্দ্রীয় চৰকাৰৰ সাহায্য।
🔹 পর্যটন ক্ষেত্রত বিষ্ণুপদ মন্দিৰ কৰিড’ৰ, মহাবধি মন্দিৰ কৰিড’ৰ আৰু ৰাজগীৰ বিকাশ৷
🔹 মন্দিৰ, ঐতিহ্য, শিল্পকলা, বন্যপ্রাণী অভয়াৰণ্য, প্রাকৃতিক মনোমোহা অঞ্চল আদি বিকাশৰ বাবে আর্থিক সাহায্য ৷
🔹 ব্যক্তিগত খণ্ডৰ গৱেষণা আৰু উদ্ভাৱন বাণিজ্যিক দিশত আগবঢ়াই নিয়াৰ বাবে এক লাখ কোটি টকাৰ বিত্তীয় সাঁকো৷
🔹 পৰৱর্তী ১০ বছৰত মহাকাশ অর্থনীতি সম্প্রসাৰণ কৰাৰ বাবে মূলধন পুঁজি ১০০০ কোটি টকা স্থাপন৷
🔹 গ্রাম্য ভূমি সম্পর্কীয় পদক্ষেপ, ইউনিক লেণ্ড পার্ছেল আইডেণ্টিফিকেচন নাম্বাৰ (ইউএলপিআইএন) অথবা ভু–আধাৰ সকলোৰে বাবে৷
🔹 পিতৃ–মাতৃ আৰু শিশুৰ অভিভাৱকৰ কাৰণে এনপিএছ বাৎসল্য৷
🔹 ঔষধ আৰু চিকিৎসা সঁজুলি, বিশেষকৈ কর্কট ৰোগৰ বাবে আবকাৰী শুল্ক ৰেহাই৷
🔹 ম’বাইল ফোন, ম’বাইলৰ সামগ্রীৰ কৰ ১৫ শতাংশ হ্রাস৷
🔹 সোণ আৰু ৰূপৰ আবকাৰী শুল্ক ৬ শতাংশ হ্রাস, প্লেটিনামৰ ৬.৪ শতাংশ হ্রাস৷
🔹 এম’নিয়াম নাইট্রেটৰ বিচিডি ৭.৫ শতাংশৰ পৰা ১০ শতাংশলৈ বৃদ্ধি৷
🔹 প্লাষ্টিকৰ ১০ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি৷
🔹 টেলিকমিউনিকেচন সঁজুলি ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ৷
🔹 ২৫ জটিল খনিজৰ আবকাৰী শুল্ক সম্পূর্ণ ৰেহাই৷
🔹 ছ’লাৰ ছেল আৰু পেনেল আবকাৰী শুল্কৰ পৰা ৰেহাই৷
🔹 সাগৰীয় সামগ্রী বিশেষকৈ সাগৰীয় খাদ্যৰ কৰ ৫ শতাংশ হ্রাস৷
🔹 চামৰা আৰু বস্ত্রৰ ক্ষেত্রতো কৰ সামান্য ৰেহাই৷
🔹 তিনি লাখ টকালৈকে উপার্জনত আয়কৰ ৰেহাই৷
🔹 ৩–৭ লাখ টকাত ৫ শতাংশ আয়কৰ৷
🔹 ৭.১০ লাখ টকাত ১০ শতাংশ আয়কৰ৷
🔹 ১০–১২ লাখ টকাত ১৫ শতাংশ আয়কৰ৷
🔹 ১২–১৫ লাখ টকাত ২০ শতাংশ আয়কৰ৷
🔹 ১৫ লাখৰ ওপৰত ৩০ শতাংশ আয়কৰ৷
🔹 চৰকাৰী চাকৰিয়ালৰ ষ্টেণ্ডার্ড ডিডাকচন ৫০ হাজাৰৰ পৰা ৭৫ হাজাৰলৈ বৃদ্ধি৷
🔹 পৰিয়াল পেন্সনৰ ১৫ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ ডিডাকচন৷

You might also like