CAAক লৈ বিৰোধীয়ে উৰাবাতৰি উলিয়াইছেঃ প্ৰধানমন্ত্ৰী মোদী
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় য়ে CAAক লৈ বিৰোধীয়ে মিছাৰ আশ্ৰয় লৈ মানুহক মূৰ্খ সজাইছে আজি ৰামলীলা ময়দানত অনুষ্ঠিত হোৱা ধন্যবাদ ৰেলীত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ লগতে কয় যে আপোনালোকে প্ৰত্যক্ষ কৰিছে কেনেকৈ বিৰোধীয়ে মিছা কিছু ভিডিঅ’ বনাই জনতাই প্ৰৰোচিত কৰিছে। দলিত তথা দৰিদ্ৰসকলৰ হিতৰ বাবেই লোকসভা আৰু ৰাজ্যসভাত CAA গৃহীত কৰা হৈছিল। যিসকল সাংসদে বিলখন গৃহীত কৰাত সমৰ্থন আগবঢ়ালে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
কিছু ৰাজনৈতিক দলে বিলখন গৃহীত হোবাৰ পাছত বিভিন্ন প্ৰকাৰৰ উৰাবাতৰি উলিওৱাৰ চেষ্টা কৰিছে। মই এইসকল লোকক সুধিব বিচাৰিছো যে বিজেপি দলে দিল্লীৰ কলনিত বসবাসৰ অধিকাৰ প্ৰদান কৰাৰ সময়ত আমি তেওঁলোকক ধৰ্ম-বিশ্বাস বা কোন দলক ভোট দান কৰিছিল সেই সম্পৰ্কে প্ৰশ্ন কৰিছিলো নেকি? তাৰ বাবে আমি কিবা নথি-পত্ৰ জমা দিবলৈ নিৰ্দেশ দিছিলো নেকি? হিন্দু-শিখ-মুছলমান-খীষ্ট্ৰান ধৰ্ম নিৰ্বিশেষে কেন্দ্ৰই সকলো সুবিধা আগবঢ়াইছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে