নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্কট আক্রান্ত মহিলাক নমাই দিয়া হ’ল বিমানৰ পৰা

নিয়মীয়া বাৰ্তা, ৬ফেব্ৰুৱাৰী: মহিলাগৰাকীৰ দীর্ঘদিনীয়া ৰোগৰ বাবে ভৰি দুখন দুর্বল৷ হাতেৰে গধুৰ বস্তু দাঙিব নোৱাৰে৷ সেইবাবে নিজৰ বেগখন তুলি দিবলৈ বিমানকর্মীক অনুৰোধ জনাইছিল কর্কট–আক্রান্ত এই ভাৰতীয় মহিলাই৷ কিন্তু আমেৰিকান এয়াৰলাইনছৰ কর্মীসকলে তেওঁৰ অনুৰোধ নাৰাখিলে৷ বৰঞ্চ বিমানখন উৰা মৰাৰ পূর্বে মহিলাগৰাকীক নমাই দিয়া হয়৷ যোৱা ৩০ জানুৱাৰীত দিল্লীৰ পৰা নিউয়র্কগামী বিমানত এই অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হয় কর্কট–আক্রান্ত প্রৱাসী বাঙালী মহিলা মীনাক্ষি সেনগুপ্তা৷ বিষয়টো আজি ডিজিচিএই তদন্ত কৰাৰ সিদ্ধান্ত লৈছে৷ অভিযুক্ত আমেৰিকান উৰণ সংস্থাক ডিজিচিএৰ তৰফৰ পৰা এই বিষয়ত স্পষ্টীকৰণ বিচাৰিব বুলিও এগৰাকী কর্মীয়ে সংবাদ মাধ্যমক জনাইছে৷ কিয় কর্কট–আক্রান্ত মহিলাগৰাকীৰ সৈতে এনে আচৰণ কৰা হ’ল, সেই সন্দর্ভত আমেৰিকান এয়াৰলাইনছৰ তৰফৰ পৰা সবিশেষ উত্তৰ বিচাৰিব ভাৰতীয় উৰণ নিয়ামক সংস্থা ডিজিচিএই৷ ইতিমধ্যে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ছ’চিয়েল মিডিয়াত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like