নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে পাকিস্তান

নিয়মীয়া বাৰ্তা, ৬ফেব্ৰুৱাৰী: এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায় ভাৰতীয় ক্রিকেট দল৷ এছিয়া কাপ সংযুক্ত আৰব আমিৰশ্বাহীলৈ স্থানান্তৰিত হ’ব পাৰে৷ এই খবৰ পোহৰলৈ অহাৰ পিছতে কঠোৰ বার্তা প্রেৰণ কৰিছে পাকিস্তানে৷ ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত অংশগ্রহণ নকৰাৰ সিদ্ধান্ত ল’ব পাৰে বুলি হুংকাৰ দিছে চুবুৰীয়া দেশখনৰ ক্রিকেট ব’র্ডে৷ পাকিস্তান ব’ডৰ প্রাক্তন সভাপতি ৰামিজ ৰাজাৰ সুৰত সুৰ মিলাই বর্তমানৰ সভাপতি নাজাম শেঠীয়ে এই বার্তা প্রেৰণ কৰিছে৷ তেওঁ ভাৰতীয় ক্রিকেট ব’ডৰ সচিব জয় শ্বাহৰ সৈতে এছিয়া কাপ আয়োজনৰ বিষয়ে আলোচনা কৰে৷ সেই আলোচনাৰ পিছতে এছিয়া কাপ যে পাকিস্তানত অনুষ্ঠিত নহয়, সেয়া নিশ্চিত হৈ পৰে৷ ইয়াৰ পিছতে পাকিস্তানে এইবাৰ বিশ্বকাপত অংশগ্রহণ নকৰিব পাৰে বুলি হুংকাৰ দিছে নাজাম শেঠীয়ে৷ এছিয়া ক্রিকেট কাউঞ্চিলৰ বৈঠকত নাজামে কয়– ভাৰতে যদি পাকিস্তানলৈ খেলিবলৈ নাহে, তেন্তে আমিও নাযাওঁ৷

You might also like