নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান ! ডেটিং এপৰে ৭০০ মহিলাক প্রতাৰণা

🔹 আমেৰিকান মডেল বুলি পৰিচয় দি গঢ়িছিল সম্পর্ক : প্রতাৰকক গ্রেপ্তাৰ

নিউজ ডেস্ক, ৫ জানুৱাৰী : ডেটিং এপত নিজকে আমেৰিকান মডেল বুলি পৰিচয় দি ৭০০গৰাকী মহিলাৰ সৈতে গঢ়ি তুলিছিল সম্পর্ক! মূলতঃ ১৮ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰৰ মহিলাসকলক টার্গেট কৰি প্রতাৰণাৰ ফান্দ পাতিছিল যুৱকে৷ ডেটিং এপৰ জৰিয়তে মহিলাৰ ঘনিষ্ঠ ছবি সংগ্রহ কৰি ছ’চিয়েল মিডিয়াত বিয়পাই দিছিল এই যুৱকজনে৷ এনেদৰেই ব্লেকমেইল কৰিছিল মহিলাসকলক৷ বিগত কেইবাবছৰ ধৰি এনেদৰে প্রতাৰণাৰ জাল পেলাই থকা অভিযুক্তক গ্রেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ২৩ বছৰীয়া এই অভিযুক্তৰ নাম তুষাৰ বিষ্ট৷ বিজনেছ মেনেজমেণ্টৰ ডিগ্রী লৈ নয়দাৰ এক তথ্য–প্রযুক্তি সংস্থাত কর্মৰত আছিল যুৱকজন৷ কিন্তু চাকৰিৰ উপৰি অধিক ধনৰ আশাত চাইবাৰ অপৰাধৰ জগতখনত খোজ দিয়ে এই যুৱকজনে৷ এপৰ জৰিয়তে ভার্চুৱেল ইণ্টাৰনেচনেল ম’বাইল নম্বৰ সংগ্রহ কৰি ভুৱা প্রফাইল বনাই কেতিয়াবা ‘বাম্বল’, কেতিয়াবা ‘স্নেপচ্যাট’, কেতিয়াবা আকৌ ‘হোৱাটছএপ’ত বিভিন্ন মহিলাৰ সৈতে মত বিনিময় কৰিছিল যুৱকজনে৷ এই মহিলাসকলৰ বিশ্বাস অর্জন কৰিবলৈ ছবি আদান–প্রদানো কৰিছিল যুৱকজনে৷ এনেদৰে কোনো মহিলাৰ ব্যক্তিগত মুহূর্তৰ ছবি আৰু ভিডিঅ’ সংগ্রহ কৰি মহিলাসকলক ব্লেকমেইল কৰিবলৈ লৈছিল অভিযুক্তই৷ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুকলি কৰি দিয়াৰ ভাবুকিৰে বৃহৎ অংকৰ ধন দাবী কৰিছিল যুৱকজনে৷ অৱশেষত দিল্লী আৰক্ষীৰ জালত পৰে এই যুৱকজন৷

You might also like