মালদ্বীপ–ভাৰতৰ মাজত আৰম্ভ ফেৰী সেৱা
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ মালদ্বীপ আৰু ভাৰতৰ মাজত শীঘ্রে আৰম্ভ হ’ব ফেৰী সেৱা৷ ভাৰতীয় জাহাজ নিগম (এছচিআই)ৰ তৰফৰ পৰা মালদ্বীপৰ বন্দৰলৈ শীঘ্রে চলাচল আৰম্ভ কৰিব কার্গ’ফেৰী এম চি পি লিঞ্জে৷ স্মর্তব্য যে ভাৰতীয় বন্দৰ টুটিকৰিন আৰু ক’চিনৰ সৈতে মালদ্বীপত কুলহুডুহফুছি আৰু মালে বন্দৰৰ মাজত ফেৰী চলাচলৰ বিষয়টো সন্দর্ভত ২০১৯ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দ্বীপ ৰাষ্ট্রখন ভ্রমণ কৰাৰ সময়ত সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ মালদ্বীপৰ সংসদ পিপ’লছ মজলিছত আনুষ্ঠানিকভাৱে মোদীয়ে দুয়োখন দেশৰ মাজত ফেৰী সেৱা আৰম্ভ কৰাৰ প্রয়োজনীয়তাৰ বিষয়টো ঘোষণা কৰিছিল৷ স্মর্তব্য যে প্রধানমন্ত্রী হিচাপে দ্বিতীয়টো কার্যকাল আৰম্ভ হোৱাৰ পিছতে মালদ্বীপ ভ্রমণ কৰিছিল মোদীয়ে৷ দ্বিতীয়টো কার্যকালৰ প্রথমটো বিদেশ ভ্রমণতে মালদ্বীপত ভাৰতৰ সৈতে দেশখনৰ জলপৰিবহনৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছিল মোদীয়ে৷ মোদীৰ এই প্রচেষ্টাতে ভাৰত মহাসাগৰীয় দ্বীপ ৰাষ্ট্রখনৰ সৈতে ফেৰী সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ আজি আনুষ্ঠানিকভাৱে দুয়োখন দেশৰ মাজত এই ফেৰী সেৱাৰ শুভ উদ্বোধন কৰা হৈছে৷