নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোষ ব্রাদার্ছৰ চাৰি প্রম’টাৰ সঞ্চালকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

নিয়মীয়া বাৰ্তা, ২ জুনঃ  ভুৱা নথিৰে আইডিবিআই বেংকৰ পৰা ঋণ লোৱা গুৱাহাটীৰ এক ব্যৱসায়িক প্রতিষ্ঠানৰ ৪জনৰ বিৰুদ্ধে শেহতীয়াকৈ গোচৰ ৰুজু কৰিছে চিবিআয়ে৷ তথ্য অনুসৰি মহানগৰীৰ ঘোষ ব্রাদার্ছ নামৰ গাড়ী বিক্রেতা প্রতিষ্ঠানটোৰ লগত জড়িত ৪জন ব্যক্তিৰ বিৰুদ্ধে আইডিবিআই বেংকে দাখিল কৰা এক আবেদনৰ ভিত্তিত চিবিআয়ে এই গোচৰ পঞ্জীভূত কৰি আৰম্ভ কৰিছে তদন্ত৷

ৰাষ্ট্রীয় তদন্তকাৰী সংস্থাটোৰ তথ্য অনুসৰি ঘোষ ব্রাদার্ছ অটোম’বাইল্ছৰ প্রম’টাৰ, সঞ্চালকৰ লগতে এজন চার্টার্ড একাউণ্টেণ্ট আৰু এজন আইডিবিআই বেংকৰ কর্মচাৰীয়ে মিলিতভাৱে ভুৱা তথ্যৰে অন্য শিতানত ঋণ লৈ ইয়াক অন্য কামত ব্যৱহাৰ কৰিছে৷ ইয়াৰ ফলত আইডিবিআই বেংকে ১৬৮.৬২ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে৷

চিবিআয়ে ইতিমধ্যে অভিযুক্ত হিচাপে চিনাক্ত কৰিছে প্রণৱ কুমাৰ ঘোষ, প্রতুল কুমাৰ ঘোষ, গীতাৰাণী ঘোষ, প্রবীৰ কুমাৰ ঘোষ৷ এই আটাইকেইজন ঘোষ ব্রাদার্ছ অটোম’বাইল্ছৰ প্রম’টাৰ–সঞ্চালক৷ আনহাতে চিবিআয়ে চিনাক্ত কৰা চার্টার্ড একাউণ্টেণ্টজন হ’ল অৰুণাভ চট্টোপাধ্যায়৷ এই আটাইকেইজনে আইডিবিআই বেংকৰ পৰা ঋণ ল’বলৈ ভুৱা তথ্য দাখিল কৰাই নহয়, যি উদ্দেশ্যে ঋণ লোৱা হৈছিল তাৰ বিপৰীতে গাড়ী ক্রয়তহে ব্যয় কৰে ধন৷ ইয়াৰ ফলত আইডিবিআই বেংকে ১৬৮.৬২ কোটি টকাৰ লোকচানৰ সন্মুখীন হয়৷ চলিত বর্ষৰ ৩১ জানুৱাৰীত চিবিআয়ে এই গোচৰ পঞ্জীয়ন কৰাৰ পূর্বে আইডিবিআই বেংকে বিগত বর্ষত তেওঁলোকৰ বার্ষিক হিচাপ–নিকাচত বৃহৎ লোকচান হোৱাৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছিল৷

বিশেষকৈ অনুমোদন জনোৱা ঋণৰ বিপৰীতে ঘোষ ব্রাদার্ছ অটোম’বাইল্ছে ঋণৰ বাবদ দিব লগা প্রিমিয়াম আদায় নিদিয়াত প্রতিমাহতে বেংকটোৱে লোকচানৰ সন্মুখীন হৈছে৷ এনে বিসংগতি ধৰা পৰাৰ পিছতেই আইডিবিআই বেংকে চিবিআইৰ জৰিয়তে ইয়াৰ তদন্তৰ আবেদন জনোৱাত এটা গোচৰ পঞ্জীভূত কৰে ৰাষ্ট্রীয় তদন্তকাৰী সংস্থাটোৱে৷

You might also like