নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“ভূমিৰ বিনিময়ত চাকৰিৰ কেলেংকাৰি” : লালুপ্ৰসাদসহ পৰিয়ালৰ লোকলৈ চিবিআইৰ অভিযোগনামা

বিশেষ বাৰ্তা ৭ অক্টোবৰঃ ১০ বছৰতকৈও অধিক পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰত লালু প্ৰসাদ যাদৱৰ ৰে’ল মন্ত্ৰী হিচাপে কাৰ্যকালত সংঘটিত চাকৰি কেলেংকাৰিত আজি চি বি আইয়ে লালুপ্ৰসাদ আৰু তেওঁৰ পত্নী ৰাবৰী দেৱীকে ধৰি ১৬ জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। উল্লেখ্য যে দুয়োজনেই প্ৰাক্তন মুখ্যমন্ত্ৰী, যাৰ পুত্ৰ বৰ্তমান বিহাৰৰ উপ-মুখ্যমন্ত্ৰী। ৰে’লৱেত চাকৰি পোৱা ১২জন লোকৰ উপৰি স্বামী-পত্নী আৰু তেওঁলোকৰ দুগৰাকী কন্যা মিছা ভাৰতী আৰু হেমা যাদৱৰ বিৰুদ্ধে ১৮ মে’ত এফ আই আৰ দাখিল কৰিছিল সংস্থাটোৱে। ইয়াৰে অধিকাংশই জামিনত আছে। অভিযোগৰ মূল কথাটো হ’ল পাটনাৰ চাকৰি প্ৰত্যাশীৰ পৰিয়ালৰ ১ লাখ বৰ্গফুটতকৈ অধিক মাটি চাকৰিৰ বিনিময়ত লালু যাদৱৰ পৰিয়াললৈ হস্তান্তৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰজেডিয়ে বাৰে বাৰে কৈ আহিছে যে এই চিবিআই গোচৰ আৰু যাদৱ পৰিয়ালৰ বিৰুদ্ধে আন কেইবাটাও গোচৰ “বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক কৌশল”। আৰজেডিৰ সৈতে জেডিইউৰ মিত্ৰতা পুনৰুজ্জীৱিত কৰিবলৈ বিজেপিক ডাম্প কৰাৰ পিছত শেহতীয়াকৈ লালুপ্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বীয়ে বিহাৰত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰত উপ-মুখ্য়মন্ত্ৰী হৈছিল। লালু যাদৱৰ সহায়ক ভোলা যাদৱক চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ তিনি মাহৰ পাছতে এই “ভূমিৰ বিনিময়ত চাকৰিৰ কেলেংকাৰি”ৰ অভিযোগনামা দাঙি ধৰা হৈছে। আৰজেডিৰ সমৰ্থকসকলে লালু যাদৱৰ “হনুমান” বা “ছাঁ” বুলি মৰমেৰে উল্লেখ কৰা তেওঁ ২০০৫ চনৰ পৰা ২০০৯ চনৰ ভিতৰত তেতিয়াৰ ৰেলমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ’এছডি) আছিল।

You might also like