নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিডিএছ নিয়োগৰ ক্ষেত্রত আইন সংশোধনৰ প্রস্তাৱ চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ৮ জুন: যোৱাবছৰ ডিচেম্বৰ মাহত হেলিকপ্টাৰ দুর্ঘটনাত মৃত্যু হৈছিল জেনেৰেল বিপিন ৰাৱাটৰ৷ তেতিয়াৰে পৰা খালী হৈ আছে দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ)ৰ পদটো৷ ভাৰতৰ নতুন চিডিএছ হিচাপে কাক নিযুক্তি দিয়া হ’ব তাক লৈ ৰাৱাটৰ মৃত্যুৰে পৰা বিভিন্ন জল্পনা চলি আছে৷ শেহতীয়াকৈ চিডিএছ নিয়োগৰ ক্ষেত্রত ভাৰতীয় প্রতিৰক্ষা মন্ত্রালয়ে দেশৰ স্বার্থত নিয়মৰ কিছু সালসলনি ঘটোৱা হ’ব বুলি ঘোষণা কৰিছে৷ প্রতিৰক্ষা মন্ত্রালয়ৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি চিডিএছ নিয়োগৰ পূর্বৰ পদ্ধতিত কিছু সংশোধন ঘটোৱা হ’ব৷ সেই অনুসৰি আজি মন্ত্রালয়ৰ তৰফৰ পৰা এই প্রস্তাৱ ৰখা হৈছে৷ বর্তমান লেফটেনেণ্ট জেনেৰেল হিচাপে দায়িত্ব পালন কৰি থকা বিষয়াসকলক এই পদত নিয়োগ কৰিব পৰা যাব নাইবা লেফটেনেণ্ট জেনেৰেল হিচাপে অৱসৰ গ্রহণ কৰা কিন্তু বয়স ৬২ বছৰৰ তলত থকা বিষয়াকো চিডিএছ পদত নিয়োগ কৰিব পৰা যাব বুলি মন্ত্রালয়ে ঘোষণা কৰিছে৷

You might also like