নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় কর্মচাৰীলৈ ১০ হাজাৰ অগ্রিম ধন, এলটিচি কেছ ভাউচাৰ

মোদী চৰকাৰৰ বৃহৎ উৎসৱ উপহাৰ

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ  পূজা–উৎসৱৰ বতৰত কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীলৈ সুখবৰ৷ মোদী চৰকাৰে বৃহৎ উৎসৱ উপহাৰ ঘোষণা কৰিছে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি এখন সংবাদ মেলযোগে কেন্দ্রই ‘এল টি চি কেছ ভাউচাৰ আঁচনি’ আৰু ‘স্পেচিয়েল ফেষ্টিভেল আঁচনি’ মুকলি কৰিব বুলি ঘোষণা কৰিছে৷ এল টি চি কেছ ভাউচাৰ আঁচনিৰ জৰিয়তে চৰকাৰৰ কর্মচাৰীসকলে ছুটী লৈ ভ্রমণৰ ক্ষেত্রত সুবিধা লাভ কৰিব৷ তেনেদৰে স্পেচিয়েল ফেষ্টিফেল এডভান্সড আঁচনিৰ জৰিয়তে কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলে ১০ হাজাৰ টকা অগ্রিম লাভ কৰিব৷ এই অগ্রিম ধনৰ কোনো সুদ নাথাকে৷ ১০টা কিস্তিত এই ধন ওভতাই দিব লাগিব৷ অহা ৩১ মার্চলৈকে এই সুবিধা লাভ কৰিব কর্মচাৰীসকলে৷ এই আঁচনিত চৰকাৰৰ ৪ হাজাৰ কোটি টকা ব্যয় হ’ব৷ আনপিনে এল টি চি কেছ ভাউচাৰ আঁচনিত চৰকাৰৰ ব্যয় হ’ব ৩৬ হাজাৰ কোটি টকা৷ উল্লেখ্য যে গ্রাহকৰ চাহিদা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে এই আঁচনি ঘোষণা কৰিছে৷ ইপিনে সংবাদ মেলত বিত্তমন্ত্রীগৰাকীয়ে ৰাজ্যসমূহক মূলধন প্রকল্পত ব্যয়ৰ বাবে ১২ হাজাৰ কোটি টকা ঋণ ঘোষণা কৰিছে৷ ৫০ বছৰীয়া এই ১২ হাজাৰ কোটি টকা ঋণত কোনো সুদ নাথাকে৷ এই ধনৰ পৰা ১,৬০০ কোটি টকা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহক প্রদান কৰা হ’ব৷ ৯০০ কোটি টকা উত্তৰাখণ্ড আৰু হিমাচলক, বাকী ৭,৫০০ কোটি টকা আন ৰাজ্যসমূহৰ মাজত বিতৰণ কৰা হ’ব৷
ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ স্মৃতিত ১০০ টকীয়া মুদ্রা উন্মোচন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ
বিজেপিৰ অন্যতম প্রতিষ্ঠাতা ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ ১০০সংখ্যক জন্মবার্ষিকী উপলক্ষে আজি পুৱা ভার্চুৱেলযোগে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১০০ টকীয়া মুদ্রা এটা উন্মোচন কৰে৷ ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ স্মৃতিত ১০০ টকীয়া মুদ্রাটো উন্মোচন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– স্বাধীনতা সংগ্রামৰ পৰা স্বৰাজোত্তৰ ভাৰতৰ বিভিন্ন ৰাজনৈতিক পৰিক্রমাৰ সাক্ষী আছিল বিজয়া ৰাজে সিন্ধিয়া৷ নিৰাপদ সুৰক্ষিত আৰু সমৃদ্ধিশালী ভাৰত আছিল ৰাজমাতাৰ সপোন৷ আত্মনির্ভৰশীল ভাৰতৰ যোগেদি সেই সপোনক বাস্তৱায়িত কৰিম৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বিগত ৬০ বছৰ ৰাজমাতা সিন্ধিয়া দেশৰ অন্যতম মুখ্য ৰাজনীতিক আছিল৷ যিয়ে দেশক গতি দেখুৱাইছিল৷ তেওঁ আছিল এগৰাকী নির্ণায়ক নেতা আৰু দক্ষ প্রশাসক৷ স্বৰাজোত্তৰ ভাৰতত ৰাম মন্দিৰ আন্দোলনৰ পূর্বে বিদেশী বস্ত্র দাহন কৰাৰ অভিজ্ঞতাৰে পুষ্ট আছিল ৰাজমাতা সিন্ধিয়া৷ উল্লেখ্য যে ৰাজমাতাৰ ১০০সংখ্যক বার্ষিকী উপলক্ষে প্রধানমন্ত্রীয়ে উন্মোচন কৰা ১০০ টকীয়া মুদ্রাটোৰ এফালে ৰাজমাতাৰ ছবি থকাৰ বিপৰীতে আনফালে অশোক স্তম্ভকে ধৰি দেশৰ মুদ্রাৰ বৈশিষ্ট্যখিনি আছে৷

You might also like