নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী: ৰাষ্ট্রপতি ভৱনৰ মোগল গার্ডেনৰ নাম সলনি কৰিলে কেন্দ্রীয় চৰকাৰে৷ এতিয়াৰে পৰা মোগল গার্ডেনক ‘অমৃত উদ্যান’ হিচাপে জনা যাব৷ আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি কেন্দ্রীয় চৰকাৰে মোগল গার্ডেনৰ নামকৰণ অমৃত উদ্যান হিচাপে কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ নতুনকৈ নামকৰণ কৰা অমৃত উদ্যান আজি ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে মুকলি কৰে৷ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী আৰু দেশখনৰ জনতা, সংস্কৃতি আৰু ঐতিহ্যৰ গৌৰৱময় ইতিহাসক উদ্যাপনৰ বাবে কেন্দ্রীয় চৰকাৰে ঐতিহাসিক স্মৃতিক নতুন নামকৰণ কৰাত গুৰুত্ব আৰোপ কৰে৷ সেইমর্মেই মোগল গার্ডেনৰ নাম অমৃত উদ্যান হিচাপে নতুন নামকৰণ কৰা হয়৷ উল্লেখ্য যে ভাৰতৰ ৰাষ্ট্রপতিৰ চৰকাৰী বাসগৃহৰ চৌহদত মোগল গার্ডেন আছে৷ মোগল আৰু ব্রিটিছ আর্হিৰ সৌন্দর্যময় মিশ্রণৰ বাগিচাখনত বিভিন্ন ধৰণৰ ফুল, গছ–গছনি আকর্ষণীয় হৈ থাকে৷ লেডী হার্ডিঙৰ কাৰণে ব্রিটিছ আর্কিটেক ছাৰ এডৱিন লুটিয়েনে এই বাগিচাখন বিকাশ কৰিছিল৷ ১৫ একৰজোৰা এই বাগিচাখন কেইবা শতাধিক আকর্ষণীয় ফুলৰ বাবে বিখ্যাত৷ বছৰত ফেব্রুৱাৰী আৰু মার্চ মাহত এই বাগিচাখন জনতাৰ দর্শনৰ বাবে মুকলি কৰি দিয়া হয়৷