নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তানক কোলাত লৈ পালন কৰি আছে ট্ৰেফিক নিয়ন্ত্ৰণৰ ডিউটী, ভাইৰেল ভিডিঅ’

নিয়মীয়া বাৰ্ত, ৮ মাৰ্চঃ আজি নাৰী দিৱস। নাৰীৰ প্ৰতি সন্মান-শ্ৰদ্ধা পোষণৰ দিন। এনে এটা দিনতে এটা ভাইৰেল হোৱা ভিডিঅ’ৱে এই দিৱসৰ তাৎপৰ্যক চৰ্চাৰ সন্মুখীন কৰোৱা দেখা গৈছে।

ঘটনাটো চণ্ডীগড়ৰ ৰাজপথৰ। ভিডিঅ’ত প্ৰত্যক্ষ কৰা অনুযায়ী এগৰাকী মহিলাৰ কোলাত আছে এটা এবছৰীয়া শিশু। তথাপি তেওঁ কৰ্তব্যত অবিচল। ট্ৰেফিক আৰক্ষীৰ দায়িত্ব পালন কৰি আছে ৰাজপথত।

ইণ্ডিয়া টুডেৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, এই মহিলা আৰক্ষীৰ নাম প্ৰিয়ংকা। নিজ সন্তানক কোলাত লৈ তেওঁ ৰাজপথত কৰ্তব্য পালন কৰি থকা ভিডিঅ’ ৰেকৰ্ডিং কৰে এগৰাকী স্থানীয় সাংবাদিক গগনদীপ সিঙে।

সিঙে লগতে ট্ৰেফিক কৰ্তৃপক্ষই সৈতে এই সন্দৰ্ভত মত বিনিময় কৰাত মহিলা আৰক্ষীগৰাকীক ছুটী ল’বলৈ তেওঁলোকে অনুৰোধ জনাই যদিও নিজৰ দায়িত্বৰ প্ৰতি সচেতন প্ৰিয়ংকাই কোলাত সন্তান লৈ হ’লেও নিজ দায়িত্ব পালনৰ বাবে আগ্ৰহী বুলি জনায়।

যোৱা ৫ মাৰ্চৰ এই ভাইৰেল ভিডিঅ’ক লৈ বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে। এয়া কৰ্তব্য সচেতনতা নে সন্তানৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

আনহাতে কিছুৱে আৰক্ষীৰ দৰে বৃত্তিত থকা মহিলাসকলৰ সন্তান চোৱাচিতাৰ বিষয়টো প্ৰশাসনে চোৱা উচিত বুলিও মন্তব্য কৰা দেখা গৈছে। কিন্তু ৮ মাৰ্চৰ এই দিনটোত এই দৃশ্যক আপুনি কি বুলি অভিহিত কৰিব বিচাৰে।

You might also like