নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাই-বেংগালুৰুত ‘জেইলাৰ’ৰ মুক্তিৰ দিনা ছুটী ঘোষণা

🔹 কৰ্মচাৰীক বিনামূলীয়া টিকট প্ৰদান

বিশেষ বাৰ্তা, ১০ আগষ্ট : আজি মুক্তি লাভ কৰে ৰজনীকান্তৰ ছবি ‘জেইলাৰ’। ছবিখনক লৈ উৎকণ্ঠা সৰ্বকালৰ উচ্চতম স্তৰত আছে। দুবছৰৰ অন্তত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে ৰজনীকান্ত। তেওঁৰ এই ছবিখন চাবলৈ তেওঁৰ অনুৰাগীসকলে আগ্ৰহেৰে বাট চাই আছিল। অনুৰাগীসকলে ৰজনীকান্তক পুনৰ পৰ্দাত চোৱাৰ বাবে সাজু হোৱাৰ সময়তে চেন্নাই আৰু বেংগালুৰুৰ কাৰ্যালয়সমূহে জেইলাৰৰ মুক্তিৰ দিনটোত কৰ্মচাৰীসকলৰ বাবে ছুটী ঘোষণা কৰিছে। কেৱল সেয়াই নহয়, একাংশ কোম্পানীয়ে নিজৰ কৰ্মচাৰীক বিনামূলীয়াকৈ টিকট প্ৰদান কৰিছে। তেনে এটা কোম্পানীৰ জাননী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। চেন্নাইৰ কোম্পানীটোৱে তেওঁলোকৰ সকলো কৰ্মচাৰী আৰু বিষয়াক পৰিয়ালৰ সৈতে ছবিখন চাবলৈ অনুমতি দিছে। বুধবাৰে এক জাননীযোগে কোম্পানীটোৱে কয় যে কোম্পানীটোৰ সকলো কৰ্মচাৰীকে ৰজনীকান্তৰ ছবি ‘জেইলাৰ’ চাবলৈ ১০ আগষ্টত ছুটী দিয়া হৈছে। এক প্ৰতিবেদন অনুসৰি ছবিখনৰ ইতিমধ্যে প্ৰায় ১৩ কোটি টকাৰ টিকট বিক্ৰী হৈছে। ইয়াৰ ভিতৰত তামিল ভাষাত ছবিখনৰ টিকট বিক্ৰী হৈছে ১১.৫ কোটি টকাতকৈও অধিক আৰু তেলুগু ভাষাত ছবিখনৰ টিকট বিক্ৰী হৈছে এক কোটি এক লাখ টকাৰ। ৰজনীকান্তৰ উপৰি ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে তমন্না ভাটিয়াই।

You might also like