নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ জুনৰ পৰা পুনৰ লকডাউন

ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ দূৰ কৰিবলৈ তামিলনাডু চৰকাৰৰ কঠোৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ১৬ জুনঃ বিশ্বজুৰি ত্রাসৰ সৃষ্টি কৰা মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ নিয়ন্ত্রণলৈ নহাত তামিলনাডু চৰকাৰে চেন্নাই আৰু আন তিনিখন জিলাৰ নির্দিষ্ট অঞ্চলত সম্পূর্ণ লকডাউন পুনৰ বলৱৎ কৰিছে৷ অহা ১৯ জুনৰ পৰা ৩০ জুনলৈ এই অঞ্চলসমূহত লকডাউন আৰম্ভ হ’ব৷ তামিলনাডুৰ মুখ্যমন্ত্রী ই কে পালানীস্বামীয়ে সোমবাৰে এই গুৰুত্বপূর্ণ সিদ্ধান্ত ঘোষণা কৰে৷ তেওঁ কয় যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ দিনে দিনে বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত অহা ১৯ জুনৰ পৰা ৩০ জুনলৈ চেন্নাই আৰু চেঙালপাট্টু, কাঞ্চিপুৰম আৰু তিৰুভাল্লুৰ জিলাৰ কেইটামান নির্দিষ্ট অঞ্চলত পুনৰ সম্পূর্ণ লকডাউন বলৱৎ কৰা হ’ব৷ কেইবাগৰাকীও চিকিৎসা বিশেষজ্ঞৰ সৈতে আলোচনাৰ অন্তত এই সিদ্ধান্তত উপনীত হোৱা বুলি মুখ্যমন্ত্রী পালানীস্বামীয়ে উল্লেখ কৰে৷ ‘চেন্নাইকে ধৰি তিনিখন জিলাৰ নির্দিষ্ট অঞ্চলত লকডাউন পুনৰ আৰম্ভ হ’ব৷ অহা ১৯ জুনৰ পৰা ৩০ জুনলৈ চলিবলগীয়া এই লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্রী আৰু সেৱাৰ বাহিৰে আন সকলো গতিবিধি বন্ধ থাকিব৷ গেলামাল দোকান আৰু পেট্র’ল পাম্পসমূহ পুৱা ৬ বজাৰ পৰা দুপৰীয়া ২ বজালৈ খুলিব পাৰিব৷ তেওঁলোকে সামাজিক দূৰত্ব বর্তাই ৰখাটো বাধ্যতামূলক৷ সাধাৰণ জনতাৰ বাবে ঘৰে ঘৰে শাক–পাচলি আৰু ফলমূল বিতৰণৰ ব্যৱস্থা কৰা হ’ব৷’ মুখ্যমন্ত্রী পালানীস্বামীয়ে এইদৰে কয়৷ তেওঁ সাধাৰণ জনতাক বাহনৰ ব্যৱহাৰ নকৰাকৈ ঘৰৰ ওচৰৰ দোকানৰ পৰা সামগ্রী ক্রয় কৰিবলৈ আহ্বান জনায়৷ লকডাউনৰ সময়ছোৱাত এ টি এম আৰু বেংক সেৱাসমূহ নিয়মীয়াভাৱে চলি থাকিব যদিও বেংকসমূহে ৩৩ শতাংশ কর্মচাৰীৰে কাম কৰাৰ অনুমতি লাভ কৰিব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ তেওঁ লগতে স্পষ্ট কৰে যে সম্পূর্ণ লকডাউনৰ সময়ছোৱাত অটোৰিক্সা, টেক্সি আৰু ব্যক্তিগত বাহনৰ চলাচলৰ অনুমতি নাথাকিব৷ ৰেষ্টুৰেণ্ট আৰু হোটেলসমূহে কেৱল হোমডেলিভাৰী সেৱাহে আগবঢ়াব পাৰিব৷ উল্লেখ্য যে মার্চ মাহত কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা দেশজোৰা লকডাউনৰ পিছত শেহতীয়াকৈ নীতি–নির্দেশনা কিছু শিথিল কৰাৰ পিছতে চেন্নাইকে ধৰি দেশৰ ভিন্ন প্রান্তত ক’ৰোনা ভাইৰাছৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ ইয়াৰ পৰিপ্রেক্ষিতত কেইবাখনো ৰাজ্যই অনাগত দিনত পুনৰ লকডাউন সম্পূর্ণৰূপে বলৱৎ কৰাৰ দিশত আগবাঢ়িছে৷

You might also like