নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেৰীফুলৰ বতৰ, নতুন প্ৰজাতিৰ ফুলৰ সন্ধান উত্তৰ-পূবৰ কোনখন ৰাজ্যত

বিশেষ বাৰ্তা, ১২ এপ্ৰিলঃ এয়া চেৰীফুলৰ বতৰ। এনে সময়তে মণিপুৰত বিচাৰি পোৱা গৈছে চেৰী ফুলৰ নতুন এটা প্ৰজাতি। এই নতুন প্ৰজাতিৰ ফুলজোপাৰ নাম দিয়া হৈছে ‘প্ৰুণাছ দীনবন্ধুয়ানা’। অৱশ্যে জাপানৰ দৰে এইবিধ চেৰীফুল মাৰ্চ-এপ্ৰিল মাহত নুফুলে। ই ফুলে নৱেম্বৰত। ইয়াৰ সন্ধান উলিওৱা বিজ্ঞানী ডঃ দীনবন্ধু চাহুক সন্মান জনাই তেওঁৰ নামেৰেই ফুলজোপাৰ নাম ৰখা হৈছে। চেৰী ব্লছম জাপানৰ ৰাষ্ট্ৰীয় ফুল। উল্লেখণীয় যে, দিল্লী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ দীনবন্ধু চাহুৱে প্ৰথমবাৰৰ বাবে ২০১৬ চনত ছিলঙত চেৰী ব্লছম উতসৱৰ আয়োজন কৰে। এই উতসৱত লাখ লাখ লোকৰ আগমণ ঘটে আৰু ই আন্তঃৰ্জাতিক অনুষ্ঠানৰ দৰে গ্লেমাৰ লাভ কৰিছে। শেহতীয়াকৈ এখন আগশাৰীৰ জাৰ্ণালত এই তথ্য প্ৰকাশ হৈছে।

You might also like