নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ কৰ্মচাৰীক একোখনকৈ গাড়ী উপহাৰ প্ৰতিষ্ঠানৰ

বিশেষ বাৰ্তা, ১২ এপ্ৰিলঃ চেন্নাইৰ এখন আই টি ফাৰ্মে এইবাৰ নিজৰ প্ৰতিষ্ঠানৰ ১০০গৰাকী দক্ষ কৰ্মীক উপহাৰ দিলে একোখনকৈ গাড়ী। Ideas2IT নামৰ ফাৰ্মখনে প্ৰতিষ্ঠানৰ সফলতা তথা উন্নয়নত বিশেষ ভূমিকা পালন কৰা আৰু ১০বছৰতকৈ অধিক সময় ফাৰ্মখনৰ সৈতে জড়িত হৈ থকা এই ১০০গৰাকী কৰ্মীক দিলে মাৰুতি ছুজুকি একোখনকৈ। ফাৰ্মখনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ মুৰলি বিবেকানন্দনে এই বিষয়ত কৈছে যে তেওঁলোকে এইসকল কৰ্মীক গাড়ীকেইখন উপহাৰ দিয়া নাই। নিজৰ কষ্টৰে কৰ্মীসকলে সেয়া অৰ্জন কৰিছে। উল্লেখণীয় যে, চেন্নাইৰ আন এটা ছফটৱেৰ প্ৰতিষ্ঠান Kissflow এ ইয়াৰ ৫ গৰাকী জ্যেষ্ঠ এক্সেকিউটিভক ১ কোটি টকা মূল্যৰ একোখনকৈ বি এম ডব্লিউ উপহাৰ দিয়াৰ এদিন পাছতে এই খবৰ আহিছে আন এটা প্ৰতিষ্ঠানৰ পৰা।

You might also like